• Home
  • »
  • News
  • »
  • sports
  • »
  • Asia Cup 2022: এছিয়া কাপ T20 প্ৰতিযোগিতাৰ পৰা বাহিৰ জছপ্ৰীত বুমৰাহ, পিঠিত গুৰুতৰ আঘাত

Asia Cup 2022: এছিয়া কাপ T20 প্ৰতিযোগিতাৰ পৰা বাহিৰ জছপ্ৰীত বুমৰাহ, পিঠিত গুৰুতৰ আঘাত

বুমৰাহৰ এই আঘাত ভাৰতীয় দলৰ বাবে এক বিপৰ্যয় কাৰণ দীৰ্ঘদিনীয়া ছুটীৰ পিছত তেওঁক কিছুমান মেচৰ প্ৰয়োজন হ’ব যিটো দুমাহতকৈও অধিক সময় হ’ব।

  • Share this:
পিঠিৰ আঘাতৰ বাবে এছিয়া কাপ টি-২০ প্ৰতিযোগিতা (Asia Cup T20 Tournament)ত অংশগ্ৰহণ কৰিব নোৱাৰিব বেগী বলাৰ জছপ্ৰীত বুমৰাহে (Jasprit Bumrah)। সুস্থ হ’বলৈ কিছু সময়ৰ প্ৰয়োজন হ’ব খেলুৱৈজনক। মহাদেশীয় চেম্পিয়নশ্বিপৰ বাবে ভাৰতীয় দলটো সোমবাৰে বাছনি কৰা হয়।

‘জছপ্ৰীত বুমৰাহৰ পিঠিত আঘাত (Jasprit Bumrah Back Injury) আছে আৰু তেওঁ এছিয়া কাপত খেলিব নোৱাৰিব। তেওঁ আমাৰ মূল বলাৰ আৰু আমি বিচাৰিম যে তেওঁ টি-২০ বিশ্বকাপ (T20 World Cup)ৰ পূৰ্বে পুনৰ একচনত উভতি আহক। এছিয়া কাপত আমি তেওঁক লৈ ৰিস্ক ল’ব নোৱাৰোঁ আৰু আঘাত আৰু বেছি হ’ব পাৰে।’-নাম প্ৰকাশ নকৰাৰ চৰ্তত পিটিআইক এইদৰে কয় BCCIৰ এজন জ্যেষ্ঠ বিষয়াই।

বুমৰাহে শেষবাৰৰ বাবে ইংলেণ্ড (England)ৰ বিৰুদ্ধে এদিনীয়া শৃংখলাত খেলিছিল আৰু তাৰ পিছত ৱেষ্ট ইণ্ডিজ (West Indies)ৰ বিৰুদ্ধে আৰু আগন্তুক জিম্বাবুৱেৰ বিৰুদ্ধে খেলৰ পৰা জিৰণি লৈছিল।

কিন্তু বুজা গৈছে যে পিঠিৰ বিষৰ সমস্যাই তেওঁক কিছুদিনৰ বাবে খেলৰ পৰা বাহিৰত ৰাখিব আৰু ছেপ্টেম্বৰ-অক্টোবৰ ২০২০ত অষ্ট্ৰেলিয়া আৰু দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে হোম ছিৰিজৰ বাবে উপযুক্ত বুলি গণ্য কৰাৰ পূৰ্বে তেওঁ বেংগালুৰুৰ নেচনেল ক্ৰিকেট একাডেমীত পুনৰ্বাসনত থাকিব লাগিব।

বুমৰাহৰ কেইবছৰমান আগতেও একেধৰণৰ সমস্যা হৈছিল আৰু তেওঁ যথেষ্ট সময়ৰ বাবে বাহিৰত আছিল। বৰ্তমান পেচাৰগৰাকীয়ে পৰিয়ালৰ সৈতে আমেৰিকাত ছুটীত আছে।

বুমৰাহৰ এই আঘাত ভাৰতীয় দলৰ বাবে এক বিপৰ্যয় কাৰণ দীৰ্ঘদিনীয়া ছুটীৰ পিছত তেওঁক কিছুমান মেচৰ প্ৰয়োজন হ’ব যিটো দুমাহতকৈও অধিক সময় হ’ব।
Published by:Manjumoni Borah
First published: