• Home
  • »
  • News
  • »
  • sports
  • »
  • Nayanmoni Saikia : সপ্তমগৰাকী অসমীয়া হিচাপে নয়নমণি শইকীয়াই ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ পৰা গ্ৰহণ কৰিলে অৰ্জুন বঁটা

Nayanmoni Saikia : সপ্তমগৰাকী অসমীয়া হিচাপে নয়নমণি শইকীয়াই ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ পৰা গ্ৰহণ কৰিলে অৰ্জুন বঁটা

ভোগেশ্বৰ বৰুৱাৰ পৰা নয়নমণিলৈ 

ভোগেশ্বৰ বৰুৱাৰ পৰা নয়নমণিলৈ 

ভোগেশ্বৰ বৰুৱাৰ পৰা নয়নমণিলৈ 

  • Share this:
বুধবাৰে অসমৰ সফল খেলুৱৈ নয়নমণি শইকীয়াই দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ পৰা অৰ্জুন বঁটা গ্ৰহণ কৰে। নয়নমনি শইকীয়া হ'ল অসমৰ পৰা অৰ্জুন বঁটা পোৱা সপ্তমগৰাকী খেলুৱৈ।

১৯৬৬ চনৰ বেংকক এছিয়ান গেমছৰ সফল এথলীট ভোগেশ্বৰ বৰুৱাই অৰ্জুন বঁটা লাভ কৰাৰ ক্ষেত্ৰত নৰ্থ ইষ্টৰ বাটকটীয়া আছিল।  ১৯৬৬ চনত ভোগেশ্বৰ বৰুৱা, ১৯৮৬ চনত মনালিছা বৰুৱা, ২০০৬ চনত জয়ন্ত তালুকদাৰ, ২০১৪ চনত শিৱ থাপা, ২০১৮ চনত হিমা দাস, ২০১৯ চনত লাভলিনা বৰগোহাঁইৰ পিছত নয়নমণি শইকীয়াই অৰ্জুন বঁটা লাভ কৰে।

বিগত ইংলেণ্ডৰ কমনৱেলথ গেমছত দলগত শাখাত স্বৰ্ণপদক পোৱা অসমৰ নয়নমণি শইকীয়াই বুধবাৰে অৰ্জুন বঁটা গ্ৰহণ কৰে। অসমৰ সফল খেলুৱৈ নয়নমণি শইকীয়াক অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই অভিনন্দন জ্ঞাপন কৰে।

অৰ্জুন নয়নমণি শইকীয়াই তেওঁৰ সফলতা আৰু বঁটাৰ বাবে অসমবাসীক ধন্যবাদ জ্ঞাপন কৰে। নয়নমণি শইকীয়াই বুধবাৰে স্বামীকো লৈ গৈছিল ৰাইছিনা হিলচলৈ।‌ উল্লেখযোগ্য যে কমনৱেলথ গেমছৰ সফলতাৰ পিছত নয়নমণি শইকীয়াই লাভ কৰিছিল অসম চৰকাৰৰ অধীনত উপ আৰক্ষী অধীক্ষকৰ চাকৰি।
Published by:Gautam Barman
First published:

শেহতীয়া বাতৰি