দেশৰ আৰ্চাৰীত পুনৰবাৰ শ্ৰেষ্ঠত্বৰ সন্মান অৰ্জন কৰে অসমৰ তাৰকা আৰ্চাৰ জয়ন্ত তালুকদাৰে। গুজৰাটত চলি থকা ছিনিয়ৰ ৰাষ্ট্ৰীয় আৰ্চাৰীত পুৰুষৰ ৭০ মিটাৰৰ ফাইনেলত অসমৰ জয়ন্ত তালুকদাৰে অলিম্পিয়ান অতনু দাসক পৰাস্ত কৰি স্বৰ্ণপদক লাভ কৰে (national archery competition 2023)।
উল্লেখ্য যে এইবাৰ জন্মভূমি অসমৰ হৈ ছিনিয়ৰ ৰাষ্ট্ৰীয় আৰ্চাৰীত অংশ লৈছিল জয়ন্ত তালুকদাৰে। অলিম্পিয়ান তথা অৰ্জুন বঁটা বিজয়ী জয়ন্ত তালুকদাৰে আজিৰ ছিনিয়ৰ ৰাষ্ট্ৰীয় আৰ্চাৰীত স্বৰ্ণপদক লাভ কৰি উৎফুল্লিত হৈ পৰে।
এই সাফল্যৰ পিছত জয়ন্ত তালুকদাৰে (Jayanta Talukdar) কয়- ২০২৪ চনৰ পেৰিছ অলিম্পিক গেমছৰ স্বৰ্ণপদক।
Published by: Gautam Barman
FIRST PUBLISHED : March 15, 2023, 00:06 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।