• Home
  • »
  • News
  • »
  • sports
  • »
  • ৰাষ্ট্ৰীয় ছিনিয়ৰ আৰ্চাৰীত দুটা স্বৰ্ণ আৰু এটা ব্ৰঞ্জৰ পদক পালে জয়ন্ত তালুকদাৰে, পল্লৱী বড়োৰো সফলতা

ৰাষ্ট্ৰীয় ছিনিয়ৰ আৰ্চাৰীত দুটা স্বৰ্ণ আৰু এটা ব্ৰঞ্জৰ পদক পালে জয়ন্ত তালুকদাৰে, পল্লৱী বড়োৰো সফলতা

অসমৰ পল্লৱী বড়োৱে AIPSCB দলক প্ৰতিনিধিত্ব কৰি অলিম্পিক ৰাউন্ডত স্বৰ্ণপদক লাভ কৰে।

অসমৰ পল্লৱী বড়োৱে AIPSCB দলক প্ৰতিনিধিত্ব কৰি অলিম্পিক ৰাউন্ডত স্বৰ্ণপদক লাভ কৰে।

অসমৰ পল্লৱী বড়োৱে AIPSCB দলক প্ৰতিনিধিত্ব কৰি অলিম্পিক ৰাউন্ডত স্বৰ্ণপদক লাভ কৰে।

  • Share this:

ঝাৰখণ্ডত শনিবাৰে সামৰণি পৰা ৰাষ্ট্ৰীয় আৰ্চাৰীত দুটা স্বৰ্ণ, এটা ব্ৰঞ্জৰ পদক লাভ কৰে ভাৰতৰ তাৰকা আৰ্চাৰ অৰ্জুন জয়ন্ত তালুকদাৰে। দেশৰ এক নম্বৰ স্থানৰ প্ৰতিযোগিতাখনৰ ব্যক্তিগত ৰেংকিঙত আৰু মিক্সত স্বৰ্ণপদক লাভ কৰে জয়ন্ত তালুকদাৰে।


ৰাষ্ট্ৰীয় আৰ্চাৰী প্ৰতিযোগিতাখনৰ দলগত শাখাত ব্ৰঞ্জৰ পদক লাভ কৰে জয়ন্ত তালুকদাৰে। শুকুৰবাৰৰ প্ৰাৰম্ভিক ৰাউন্ডৰ খেলতো চমক সৃষ্টি কৰিছিল জয়ন্ত তালুকদাৰে। শতাধিক আৰ্চাৰৰ ভিতৰত শীৰ্ষ স্থানত থকা জয়ন্ত তালুকদাৰে তেওঁৰ জয়ৰ ধাৰা অব্যাহত ৰাখে।


এই জয়েৰে লন্ডন অলিম্পিয়ান জয়ন্ত তালুকদাৰে ভাৰতীয় দলৰ নিৰ্বাচনী প্ৰতিযোগিতালৈ যোগ্যতা অৰ্জন কৰিছে। উল্লেখ্যে যে একেখন প্ৰতিযোগিতাতে অসমৰ পল্লৱী বড়োৱে ALL INDIA  POLICE  SPORTS  CONTROL BOARD  দলক প্ৰতিনিধিত্ব কৰি অলিম্পিক ৰাউন্ডত স্বৰ্ণপদক লাভ কৰে।


অসমৰ খেলুৱৈদ্বয় জয়ন্ত তালুকদাৰ আৰু পল্লৱী বড়োৱে এছিয়ান গেমছৰ বাবে নিৰ্বাচিত হ'বলগীয়া ভাৰতীয় দলৰ নিৰ্বাচনী পৰ্যায়লৈ যোগ্যতা অৰ্জন কৰিছে। জয়ন্ত তালুকদাৰ আৰু পল্লৱী বড়োক অভিনন্দন জনাইছে অসম আৰ্চাৰী সন্থাৰ সভাপতি জয়ন্ত বড়োৱে।

Published by:Gautam Barman
First published: