• Home
  • »
  • News
  • »
  • sports
  • »
  • ভাৰত-দক্ষিণ আফ্ৰিকাৰ টি-২০ মেচৰ মাজত ফ্লাড লাইট বন্ধ হোৱা ঘটনাৰ বাবে আমি দায়ী নহয়- এপিডিচিএল

ভাৰত-দক্ষিণ আফ্ৰিকাৰ টি-২০ মেচৰ মাজত ফ্লাড লাইট বন্ধ হোৱা ঘটনাৰ বাবে আমি দায়ী নহয়- এপিডিচিএল

বৰ্ষাপাৰাত অনুষ্ঠিত ভাৰত-দক্ষিণ আফ্ৰিকাৰ খেলৰ মাজত ১৫ মিনিটতকৈ অধিক সময় ধৰি বন্ধ হৈ পৰিল ফ্লাড লাইট।

বৰ্ষাপাৰাত অনুষ্ঠিত ভাৰত-দক্ষিণ আফ্ৰিকাৰ খেলৰ মাজত ১৫ মিনিটতকৈ অধিক সময় ধৰি বন্ধ হৈ পৰিল ফ্লাড লাইট।

বৰ্ষাপাৰাত অনুষ্ঠিত ভাৰত-দক্ষিণ আফ্ৰিকাৰ খেলৰ মাজত ১৫ মিনিটতকৈ অধিক সময় ধৰি বন্ধ হৈ পৰিল ফ্লাড লাইট।

  • Share this:
কালি বৰ্ষাপাৰাত ভাৰত-দক্ষিণ আফ্ৰিকাৰ মাজত অনুষ্ঠিত হৈ যোৱা হাইভল্টেজ টি২০ মেচখন দৰ্শকৰ যথেষ্ট ৰোমাঞ্চকৰ আছিল। দুয়োটা দলৰ প্ৰদৰ্শনে ক্ৰিকেটপ্ৰেমীসকলক বেছ আমোদ দিয়াৰ লগতে দুটামান ঘটনাই বিশেষ চৰ্চা লাভ কৰে। এইসমূহৰ ভিতৰত খেলৰ মাজতেই দুডাল সাপ ওলোৱাৰ বিপৰীতে ষ্টেডিয়ামৰ ফ্লাড লাইট হঠাৎ বন্ধ হৈ পৰিছিল। ১৫ মিনিটতকৈ অধিক সময় ধৰি বন্ধ হৈ পৰা ফ্লাড লাইটৰ প্ৰসংগ সকলোৰে মুখে মুখে আলোচনা হোৱাৰ লগতে সামাজিক মাধ্যমত ই চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। এই সংক্ৰান্তত বিভিন্ন ক্ৰীড়া অনুৰাগীয়ে অসম ক্ৰিকেট সন্থাৰ লগতে এপিডিচিএলক দোষাৰোপ কৰাও পৰিলক্ষিত হয়। চৌদিশে বিষয়টো চৰ্চিত হোৱাৰ পাছতেই অৱশেষত এপিডিচিএল কৰ্তৃপক্ষই নিজৰ স্থিতি স্পষ্ট কৰে। বিষয়টো সন্দৰ্ভত এপিডিচিএল কৰ্তৃপক্ষই লিখিছে-

"আপোনালোক সকলোৰে জ্ঞাতাৰ্থে জনোৱা হৈছে যে ২ অক্টোবৰত গুৱাহাটীৰ বৰ্ষাপাৰাত অনুষ্ঠিত ভাৰত-দক্ষিণ আফ্ৰিকাৰ মাজৰ দ্বিতীয় টি-20 খেলৰ সময়ত এটা হাই মাষ্ট ফ্লাড লাইটে কাম কৰা বন্ধ কৰি দিছিল। বৰ্তনীটোৰ কিছু আভ্যন্তৰীণ ত্ৰুটিৰ বাবে পোহৰ কেইমিনিটমানৰ বাবে অকাৰ্যকৰী আছিল যিটো অসম ক্ৰিকেট এছ'চিয়েচন (এচিএ)ৰ অধিকাৰক্ষেত্ৰৰ ভিতৰত আছে।

এই সমস্যাটোৰ বাবে এপিডিচিএল দায়ী নহয় আৰু সমগ্ৰ অনুষ্ঠানটোত এপিডিচিএলৰ ফালৰ পৰা নিৰৱচ্ছিন্ন বিদ্যুৎ যোগান বজাই ৰখা হৈছিল।"

উল্লেখ্য যে, দ্বিতীয় ইনিংছৰ আৰম্ভণিত দক্ষিণ আফ্ৰিকাৰ বেটছমেনে বেটিং কৰি থাকোতেই ফ্লাড লাইট বন্ধ হোৱাৰ বাবে দুয়োটা দলৰ খেলুৱৈ পেভিলিয়নলৈ উভতি গৈছিল। এই ঘটনাই ক্ৰিকেটপ্ৰেমীসকলক শংকিত কৰাৰ লগতে উৎকন্ঠাৰো বিৰাজ কৰিছিল।
Published by:Sehnaz Begum
First published:

শেহতীয়া বাতৰি