মুখ্যপৃষ্ঠা »খবৰ »ক্ৰীড়া »Animals in Playground : ক্ৰিকেট মেচ চলি থাকোঁতে ৫ বাৰৰ বাবে খেলপথাৰত নামিছে জীৱ-জন্তু, এটা মেকুৰীয়ে কিদৰে সহায় কৰিছিল পাকিস্তানক

Animals in Playground : ক্ৰিকেট মেচ চলি থাকোঁতে ৫ বাৰৰ বাবে খেলপথাৰত নামিছে জীৱ-জন্তু, এটা মেকুৰীয়ে কিদৰে সহায় কৰিছিল পাকিস্তানক

গুৱাহাটীত ২০১০ত খেল চলি থাকোঁতে সোমাইছিল কুকুৰ।

গুৱাহাটীত ২০১০ত খেল চলি থাকোঁতে সোমাইছিল কুকুৰ।

গুৱাহাটীত ২০১০ত খেল চলি থাকোঁতে সোমাইছিল কুকুৰ।

  • Share this:
আন্তঃৰাষ্ট্ৰীয় স্তৰৰ ক্ৰিকেট খেল চলি থাকোঁতে খেলপথাৰত জন্তুৰ প্ৰৱেশৰ ঘটনা বিশ্বত এতিয়ালৈ পোৱা তথ্য মতে ৫ বাৰলৈ সংঘটিত হৈছে। কিন্তু ক্ষণিক সময়ৰ বাবে ভীতিবিহ্বল কৰি তোলা ঘটনাটো ঘটিছিল কালি, ভাৰত আৰু ছাউথ আফ্ৰিকাৰ টি২০ খেল চলি থাকোঁতে। কিয়নো সাপ বুলি ক'লে এবাৰলৈ হ'লেও আতংকগ্ৰস্ত হোৱাটো মানুহৰ স্বাভাৱিক প্ৰৱণতা।

এটা মেকুৰীয়ে পাকিস্তানক কিদৰে সহায় কৰিছিল
২০১৬ চনত পাকিস্তান আৰু ইংলেণ্ডৰ মাজত চলি থকা এদিনীয়া ক্ৰিকেটত ঘটিছিল এনে এটা ঘটনা। বাউণ্ডেৰীৰ ওচৰ চাপি অহা আনোৱাৰ আলীয়ে কোবোৱা বলটো ছিক্স হোৱাৰ পৰা ৰক্ষা কৰিব পৰা নাছিল ক্ৰিছ ৱ’কেছে। তাৰ কাৰণ আছিল বাউণ্ডেৰীত থকা এটা মেকুৰীয়ে তেওঁক অন্যমনস্ক কৰি পেলাইছিল আৰু বল বাউণ্ডেৰী লাইন পাৰ হৈছিল।

বান্দৰৰ প্ৰৱেশ
এই ঘটনাটো সংঘটিত হৈছিল ২০১৫ চনত। গালে আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত শ্ৰীলংকা আৰু ভাৰতৰ মাজত এখন টেষ্ট মেচৰ সময়ত। চাহ বিৰতিৰ কিছু সময়ৰ পিছতে খেলপথাৰত প্ৰৱেশ কৰে এটা বান্দৰে। কিছু সময় সকলোৰে মনোযোগ আকৰ্ষণ কৰি বান্দৰটোৱে ষ্টেডিয়ামৰ বাহিৰলৈ পলায়ন কৰে।

মৌ মাখিৰ প্ৰৱেশ
এম.চিন্নস্বামী ষ্টেডিয়ামত এক অপ্ৰত্যাশিত কাণ্ড সংঘটিত হয় যেতিয়া মৌমাখিৰ জাকে দিনটোৰ খেলত বাধা প্ৰদান কৰে। শ্ৰীলংকা আৰু ভাৰতৰ মাজত অনুষ্ঠিত দ্বিতীয়খন টেষ্ট মেচৰ দ্বিতীয় দিনা সংঘটিত হৈছিল এই ঘটনা। শ্ৰীলংকাৰ লচিথ এম্বুলডেনিয়া আৰু নিৰোচন ডিকৱেলাৰ লগতে ভাৰতীয় দলৰ খেলুৱৈসকল খেলপথাৰত থকাৰ সময়ত এই ঘটনা সংঘটিত হয়।

কুকুৰৰ প্ৰৱেশ
২০১০ চনত নিউজিলেণ্ডৰ বিৰুদ্ধে ভাৰতৰ ঘৰুৱা শৃংখলাৰ উদ্বোধনী এদিনীয়া খেলৰ সময়ত এই ঘটনা সংঘটিত হৈছিল। এই আমোদজনক পৰিঘটনাটো খেলৰ দ্বিতীয় ইনিংছত সংঘটিত হৈছিল যেতিয়া আলহী দলটোৱে ২৭৬ স্ক’ৰ কৰিবলৈ চেষ্টা কৰিছিল। কুকুৰটোৱে কেনেবাকৈ সকলো নিৰাপত্তাৰক্ষীক এৰাই চলি খেলপথাৰত প্ৰৱেশ কৰে। আৰু এই সংঘটিত হয় গুৱাহাটীৰ নেহৰু ষ্টেডিয়ামত।

সাপৰ প্ৰৱেশ
দেওবাৰে ছাউথ আফ্ৰিকা আৰু ভাৰতৰ মাজৰ টি২০ খেলৰ সময়ত দ্বিতীয়বাৰৰ বাবে এই ঘটনা ঘটে গুৱাহাটীত। বৰ্ষাপাৰা ষ্টেডিয়ামত সংঘটিত ঘটনাই বহুতকে আমোদ দিয়াৰ লগতে সৃষ্টি হয় তীব্ৰ প্ৰতিক্ৰিয়া।

শেহতীয়া বাতৰি