• Home
  • »
  • News
  • »
  • sports
  • »
  • Andrew Symonds dies in car crash: ছাইমণ্ডছ আৰু নাই..., প্ৰাক্তন ক্ৰিকেটাৰগৰাকীৰ মৃত্যুত শোকস্তব্ধ ক্ৰিকেট বিশ্ব

Andrew Symonds dies in car crash: ছাইমণ্ডছ আৰু নাই..., প্ৰাক্তন ক্ৰিকেটাৰগৰাকীৰ মৃত্যুত শোকস্তব্ধ ক্ৰিকেট বিশ্ব

ছাইমণ্ডছৰ গাড়ীখন এখন দলঙৰ পৰা নামি বাওঁফালে যোৱাৰ সময়তে বাগৰি যায়। ছাইমণ্ডছ আৰু চালকক ততালিকে উদ্ধাৰ কৰা হয় যদিও বচোৱা সম্ভৱ নহ’ল।

ছাইমণ্ডছৰ গাড়ীখন এখন দলঙৰ পৰা নামি বাওঁফালে যোৱাৰ সময়তে বাগৰি যায়। ছাইমণ্ডছ আৰু চালকক ততালিকে উদ্ধাৰ কৰা হয় যদিও বচোৱা সম্ভৱ নহ’ল।

ছাইমণ্ডছৰ গাড়ীখন এখন দলঙৰ পৰা নামি বাওঁফালে যোৱাৰ সময়তে বাগৰি যায়। ছাইমণ্ডছ আৰু চালকক ততালিকে উদ্ধাৰ কৰা হয় যদিও বচোৱা সম্ভৱ নহ’ল।

  • Share this:
দেওবাৰে পুৱাই অত্যন্ত বেয়া খবৰ। দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে অষ্ট্ৰেলিয়াৰ প্ৰাক্তন ক্ৰিকেটাৰ এণ্ড্ৰিউ ছাইমণ্ডছে। মাত্ৰ ৪৬ বছৰ বয়সতে আকস্মিক মৃত্যুক আঁকোৱালি ল’লে প্ৰাক্তন ক্ৰিকেটাৰগৰাকীয়ে। অষ্ট্ৰেলিয়াৰ টাউন্সভিলেত দুৰ্ঘটনাটো সংঘটিত হয় স্থানীয় সময়মতে নিশা ১১ বজাত। ছাইমণ্ডছৰ গাড়ীখন এখন দলঙৰ পৰা নামি বাওঁফালে যোৱাৰ সময়তে বাগৰি যায়। ছাইমণ্ডছ আৰু চালকক ততালিকে উদ্ধাৰ কৰা হয় যদিও বচোৱা সম্ভৱ নহ’ল। ছাইমণ্ডছৰ আকস্মিক বিয়োগত শোকস্তব্ধ ক্ৰিকেট বিশ্ব।

Think of your most loyal, fun, loving friend who would do anything for you. That’s Roy. 💔😞

Horrendous news to wake up to.

This is so devastating 😞

Heartbreaking. Aussie cricket losing another hero.

Devastated to hear about Andrew Symonds passing away in a car crash in Australia. We shared a great relationship on & off the field. Thoughts & prayers with the family. #AndrewSymonds pic.twitter.com/QMZMCwLdZs

Shocking news to wake up to here in India. Rest in peace my dear friend. Such tragic news 💔🥲 pic.twitter.com/pBWEqVO6IY

ক্ৰিকেট অষ্ট্ৰেলিয়াৰ ফালৰ পৰা টুইট কৰি শোক প্ৰকাশ কৰিছে। লগতে আডাম গিলক্ৰিষ্ট, জেছন গিলেস্পি, মাইকেল বিভান, ভিভিএছ লক্ষ্মণ, ছোৱেইব আখতাৰ, ডেমিয়েন ফ্লেমিঙৰ দৰে বহু প্ৰাক্তন ক্ৰিকেটাৰে টুইট কৰি দুখ প্ৰকাশ কৰিছে ছাইমণ্ডছৰ মৃত্যুত। কোনোৱে ছাইমণ্ডছৰ মৃত্যু যেন বিশ্বাস কৰিব পৰা নাই। কিছুদিন পূৰ্বে আন এগৰাকী কিংবদন্তি ক্ৰিকেটাৰ শ্বেন ৱাৰ্নৰ মৃত্যু হৈছিল।
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি