• Home
  • »
  • News
  • »
  • sports
  • »
  • এগৰাকী চাহ বাগিচাৰ সন্তানৰ সাফল্য, অসমৰ দৃষ্টিহীন ক্ৰিকেট দলত স্থান পালে টীয়কৰ অজয়ে

এগৰাকী চাহ বাগিচাৰ সন্তানৰ সাফল্য, অসমৰ দৃষ্টিহীন ক্ৰিকেট দলত স্থান পালে টীয়কৰ অজয়ে

২৪ অক্টোবৰৰ পৰা চণ্ডীগড়ত অনুষ্ঠিত হ'ব ৰাষ্ট্ৰীয় দৃষ্টিহীন ক্ৰিকেট প্ৰতিযোগিতা

২৪ অক্টোবৰৰ পৰা চণ্ডীগড়ত অনুষ্ঠিত হ'ব ৰাষ্ট্ৰীয় দৃষ্টিহীন ক্ৰিকেট প্ৰতিযোগিতা

২৪ অক্টোবৰৰ পৰা চণ্ডীগড়ত অনুষ্ঠিত হ'ব ৰাষ্ট্ৰীয় দৃষ্টিহীন ক্ৰিকেট প্ৰতিযোগিতা

  • Share this:

অহা ২৪ অক্টোবৰৰ পৰা চণ্ডীগড়ত অনুষ্ঠিত হ'ব লগা ৰাষ্ট্ৰীয় দৃষ্টিহীন ক্ৰিকেট প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব লগা অসম দলক প্ৰতিনিধিত্ব কৰাৰ সুযোগ পাইছে যোৰহাট জিলাৰ টীয়কৰ মনোময় চাহ বাগিচাৰ অজয় মুণ্ডা নামৰ এগৰাকী চাহ বাগিচাৰ সন্তানে।


যোৱা ৭ অক্টোবৰৰ পৰা কেয়াৰ ইউ ৩৬৫ নামৰ বেচৰকাৰী সংস্থাৰ উদ্যোগত নুনমাটি শোধনাগাৰ খেলপথাৰত আয়োজন কৰা অসমৰ প্ৰথমখন দৃষ্টিহীন ক্ৰিকেট শিবিৰত মনোনীত হৈছে অজয় মুণ্ডা।


ৰাজ্যৰ ১৬খন জিলাৰ ৩২গৰাকী দৃষ্টিহীন খেলুৱৈয়ে অংশ লোৱা এই শিবিৰৰ পৰা ১৪গৰাকী খেলুৱৈ নিৰ্বাচিত হৈছে। ভাৰতীয় দৃষ্টিহীন ক্ৰিকেট দলৰ উপ অধিনায়ক ভেংকটেশ ৰাও আৰু পশ্চিমবংগ দলৰ অধিনায়ক তন্ময় ভৌমিকে এই শিবিৰত অংশ লৈ অসম দলটো নিৰ্বাচন কৰে।


পোন প্ৰথমবাৰৰ বাবে দৃষ্টিহীনসকলক লৈ গঠন কৰা অসমৰ ক্ৰিকেট দলটোত প্ৰতিনিধিত্ব কৰিবলৈ সুযোগ পোৱা অজয়ক লৈ উৎফুল্লিত মনোময় চাহ বাগিচাৰ বাসিন্দাসকল।গুৱাহাটীত অনুষ্ঠিত হোৱা অনুশীলনত ভাগ লোৱা প্ৰায় ৪০গৰাকী খেলুৱৈৰ মাজৰ পৰা নিৰ্বাচন কৰা ১৪গৰাকী খেলুৱৈৰ ভিতৰত অজয় অসম দলৰ অন্যতম এজন খেলুৱৈ। ইতিমধ্যে ঘৰতে অনুশীলনত ব্যস্ত আছে অজয়। অজয়ৰ এই সফলতাত এতিয়া টীয়কবাসী গৌৰৱাম্বিত।


উল্লেখযোগ্য যে বৰ্তমান স্নাতক প্ৰথম ষান্মাসিকক অধ্যয়ন কৰি থকা অজয়ে ক্ৰিকেটৰ উপৰি কেৰমবৰ্ড, ফুটবল আদি খেলৰ প্ৰতি আগ্ৰহী। লগতে সাংস্কৃতিকভাৱেও তবলা বিশাৰদ। চাহ বাগিচা অঞ্চলত বিশেষ কোনোধৰণৰ সা–সুবিধা নথকা সত্ত্বেও প্ৰচণ্ড মানসিক শক্তিৰ অধিকাৰী অজয়ে  আজি নিজকে অসম দলত অন্তৰ্ভুক্ত কৰি এজন সফল খেলুৱৈ হিচাপে প্ৰতিষ্ঠা হ'বলৈ সক্ষম হৈছে আৰু অনাগত দিনতো অধিক অধ্যৱসায়ৰ জৰিয়তে টীয়ক তথা অসমৰ নাম আন্ত:ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত উজলাবলৈ চেষ্টা অব্যাহত ৰাখিব বুলি প্ৰতিশ্ৰুতিবদ্ধ হৈছে।


সেয়ে এই ক্ষেত্ৰত সদৌ অসমবাসীৰ আশীর্বাদ কামনা কৰিছে উদীয়মান খেলুৱৈগৰাকীয়ে। উল্লেখ্য যে দিল্লী ফিৰোজ শ্বাহকোটলা ষ্টেডিয়ামত অহা ১৭ নৱেম্বৰত দৃষ্টিহীনসকলৰ বাবে আয়োজন কৰা চতুৰ্থ ৰাষ্ট্ৰীয় নাগেশ ট্ৰফী ক্ৰিকেট প্ৰতিযোগিতাত অংশ ল'ব অসম দলটোৱে।

Published by:Gautam Barman
First published: