உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • sports
    • »
    • Lovlina Borgohain : DSP হ’ব লাভলীনা, বুধবাৰে অসম আৰক্ষীৰ DSP পদত যোগ দিব অলিম্পিকত পদক বিজয়ী লাভলীনা বৰগোহাঁয়ে

    Lovlina Borgohain : DSP হ’ব লাভলীনা, বুধবাৰে অসম আৰক্ষীৰ DSP পদত যোগ দিব অলিম্পিকত পদক বিজয়ী লাভলীনা বৰগোহাঁয়ে

    সফল স্প্ৰিণ্টাৰ হিমা দাসৰ পিছত লাভলীনা বৰগোঁহায়ে খেলৰ জৰিয়তে উপ–আৰক্ষী অধীক্ষক পদ গ্ৰহণ কৰিলৈ সিদ্ধান্ত লৈছে।

    সফল স্প্ৰিণ্টাৰ হিমা দাসৰ পিছত লাভলীনা বৰগোঁহায়ে খেলৰ জৰিয়তে উপ–আৰক্ষী অধীক্ষক পদ গ্ৰহণ কৰিলৈ সিদ্ধান্ত লৈছে।

    সফল স্প্ৰিণ্টাৰ হিমা দাসৰ পিছত লাভলীনা বৰগোঁহায়ে খেলৰ জৰিয়তে উপ–আৰক্ষী অধীক্ষক পদ গ্ৰহণ কৰিলৈ সিদ্ধান্ত লৈছে।

    • Share this:
    টকিঅ’ অলিম্পিক গেমছৰ ব্ৰঞ্জৰ পদক বিজয়ী দেশৰ গৌৰৱ অসমৰ লাভলীনা বৰগোহাঁয়ে (Lovlina Borgohain) বুধবাৰে অসম আৰক্ষীৰ (Assam Police) পোছাক পিন্ধিব। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ মন্ত্ৰীসভাৰ আন সদস্যসকলৰ উপস্থিতিত বুধবাৰে উপ–আৰক্ষী অধীক্ষক পদত যোগ দিব লাভলীনা বৰগোঁহায়ে। গুৱাহাটীৰ জনতা ভৱনৰ অনুষ্ঠানত উপস্থিত থাকিব অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তও।

    সফল স্প্ৰিণ্টাৰ হিমা দাসৰ (Hima Das) পিছত লাভলীনা বৰগোঁহায়ে খেলৰ জৰিয়তে উপ–আৰক্ষী অধীক্ষক পদ গ্ৰহণ কৰিলৈ সিদ্ধান্ত লৈছে। ২০২১ চনৰ টকিঅ’ অলিম্পিক গেমছত পদক লাভৰ পিছতেই লাভলীনা বৰগোহাঁইক মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই প্ৰদান কৰিছিল অসম আৰক্ষীৰ DSP পদ।

    বিগত বৰ্ষতে উপ–আৰক্ষী অধীক্ষকৰ পদ লাভ কৰিলেও কেইদিনমান পূৰ্বেহে যোগদান কৰিম বুলি সন্মতি দিছিল তাৰকা বক্সাৰগৰাকীয়ে। সম্প্ৰতি গুৱাহাটীত বাহৰ পতা লাভলীনা বৰগোহাঁয়ে বিহুৰ পিছতে আকৌ উভতি যাব পাটিয়ালাৰ অনুশীলন শিলিৰলৈ।
    Published by:Sanjay Kumar Das
    First published: