মুখ্যপৃষ্ঠা »খবৰ »ক্ৰীড়া »চেন্নাইৰ জয়ৰ পিছতে আৱেগিক হৈ পৰিল সাক্ষী ধোনী! খেলৰ শেষত পত্নী আৰু কন্যাৰ সৈতে এনেদৰে দেখা গ'ল মহেন্দ্ৰ সিং ধোনীক

চেন্নাইৰ জয়ৰ পিছতে আৱেগিক হৈ পৰিল সাক্ষী ধোনী! খেলৰ শেষত পত্নী আৰু কন্যাৰ সৈতে এনেদৰে দেখা গ'ল মহেন্দ্ৰ সিং ধোনীক

২০২১ৰ আইপিএলৰ খিতাপ জয় কৰিলে চেন্নাই চুপাৰ কিংছে। দলটোৱে খিতাপ জয় কৰাৰ পিছতে ষ্টেডিয়ামত বহুকেইটা আবেগিক মুহূৰ্ত পৰিলক্ষিত হয়।

২০২১ৰ আইপিএলৰ খিতাপ জয় কৰিলে চেন্নাই চুপাৰ কিংছে। দলটোৱে খিতাপ জয় কৰাৰ পিছতে ষ্টেডিয়ামত বহুকেইটা আবেগিক মুহূৰ্ত পৰিলক্ষিত হয়।

  • Share this:
২০২১ৰ আইপিএলৰ খিতাপ জয় কৰিলে চেন্নাই চুপাৰ কিংছে। দলটোৱে খিতাপ জয় কৰাৰ পিছতে ষ্টেডিয়ামত বহুকেইটা আবেগিক মুহূৰ্ত পৰিলক্ষিত হয়। মহেন্দ্ৰ সিং ধোনীৰ নেতৃত্বাধীন দলটোৱে খিতাপ জয় কৰাৰ পিছতে আৱেগিক হৈ পৰে ধোনীৰ পত্নী সাক্ষী ধোনী।  ষ্টেডিয়ামত পত্নী সাক্ষী আৰু কন্যা জিভাই সাৱটি ধৰিলে মহেন্দ্ৰ সিং ধোনীক।



খেলখনত চেন্নাইয়ে বান্ধি দিয়া বিশাল লক্ষ্য আগত ৰাখি ইনিংছ আৰম্ভ কৰি কলকাতা নাইট ৰাইডৰ্ছে সুন্দৰ আৰম্ভণিয়েই কৰিছিল। কিন্তু মিডল অৰ্ডাৰ বেটচমেনৰ দুৰ্বল প্ৰদৰ্শনে দলটোক বিপদত পেলায়। প্ৰথমে বেটিং কৰি চেন্নাই ছুপাৰ কিংছে ফাপ ডু প্লেছীৰ ৮৬ ৰানৰ সহায়ত ৩ উইকেটত ১৯২ ৰান সংগ্ৰহ কৰে। কিন্তু কলকাতা নাইট ৰাইডৰ্ছে ১৬৫ ৰানতে ইনিংছ সামৰি পৰাজয় স্বীকাৰ কৰে।



ইফালে চতুৰ্থবাৰৰ বাবে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ(IPL) ত বিজয়ীৰ খিতাপ দখল কৰাৰ পিছতে পুনৰ চৰ্চিত হৈছে মহেন্দ্ৰ সিং ধোনী। অত্যন্ত আত্মবিশ্বাসী ধোনীৰ নতুন নাম হৈ পৰিছে প্ৰফেচাৰ চাহাব। ১০ অভাৰত কলকাতাৰ দুৰ্দান্ত প্ৰদৰ্শনৰ পিছতো নিখুত পৰিকল্পনাৰে প্ৰতিপক্ষক শলঠেকত পেলাই দলক জয়ৰ সোৱাদ দিয়া ধোনীক খেল চলি থকাৰ সময়ত প্ৰফেছাৰ চাহাব বুলি সম্বোধন কৰিলে মেচৰ ধাৰাভাষ্যকাৰে।



২০১০ আৰু ২০১১ত ক্ৰমাগত ভাৱে দুবাৰ IPLত CSKক জয়ৰ সোৱাদ দিয়া ধোনীৰ নেতৃত্বত ২০১৮ত পুনৰ বিজয়ীৰ খিতাপ অৰ্জন কৰিছিল চেন্নাই চুপাৰ কিংছে( CSK )। কিন্তু দুৰ্ভাগ্যজনক ভাৱে ২০২০ চনত প্লে অফৰ পৰাই বাহিৰ হৈছিল CSK। ইয়াৰ পিছতে ধোনীৰ সক্ষমতাক লৈয়ো প্ৰশ্ন উঠিছিল। পিছে এইবাৰ আইপিলত দলক ফাইনেললৈ নিয়াৰ ক্ষেত্ৰত মুখ্য ভূমিকা লৈছিল মহেন্দ্ৰ সিং ধোনীয়ে।

শেহতীয়া বাতৰি