ভিয়েটনামৰ ভিয়েট ট্ৰাই চিটিত অনুস্থিত হৈ থকা এছিয়ান ফুটবল কনফেডাৰেচন AFC U-20 মহিলা ফুটবল প্ৰতিযোগিতাত ভাৰতীয় দলে আজি ভিয়েট ট্ৰাই ষ্টেডিয়ামত অনুস্থিত খেলত ছিংগাপুৰক ৭-০ গলত পৰাস্ত কৰি সম্পূৰ্ণ ৩ পইণ্ট অৰ্জন কৰে ।
ভাৰতীয় দলটোৰ কেপ্টেইনৰ দায়িত্ব পালন কৰে অসমৰ জিয়ৰী কোকৰাঝাৰৰ অপূৰ্ণা নাৰ্জাৰীয়ে । খেলখনত অপূৰ্ণাই দুটা গ'ল দিবলৈও সক্ষম হয় । অসমৰ মহিলা ফুটবল ইতিহাসত অপূৰ্ণা নাৰ্জাৰীয়ে ভাৰতৰ জাতীয় মহিলা ফুটবল দলক নেতৃত্ব দিয়া প্ৰথম তথা একমাত্ৰ মহিলা ফুটবল খেলুৱৈ হিচাপে চিহ্নিত হৈছে। অপূৰ্ণাক অভিনন্দন জনাইছে অসম ফুটবল সন্থাৰ সাধাৰণ সম্পাদক প্ৰাক্তন বিধায়ক হেমেন্দ্ৰ নাথ ব্ৰহ্মই।
Published by: Kokil Sarma
FIRST PUBLISHED : March 07, 2023, 22:43 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।