শতবৰ্ষত অসমৰ ক্ৰীড়া সাংবাদিকতা। ১৯২৩ত অসমত প্ৰকাশ পাইছিল প্ৰথমটো ক্ৰীড়া বাতৰি। তাৰ লগত সংগতি ৰাখিয়েই অসম ক্ৰীড়া সাংবাদিক সন্থাই গুৱাহাটীৰ নেহৰু ষ্টেডিয়ামত শতবৰ্ষ অনুষ্ঠান অনুষ্ঠিত কৰে। শতবৰ্ষ অনুষ্ঠানত অসম বিধান সভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী উপস্থিত আছিল (Centenary Of Sports Journalism)।
নেহৰু ষ্টেডিয়ামৰ দেশভক্ত তৰুণ ৰাম ফুকন ইনড'ৰ ষ্টেডিয়ামৰ সভাত অসমৰ বিভিন্ন ক্ৰীড়া সাংবাদিকক সম্বৰ্ধনা জ্ঞাপন কৰে আয়োজক অসম ক্ৰীড়া সাংবাদিক সন্থাই (A number of sports journalists have been felicitated )। শনিবাৰৰ গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটোত টেবুল টেনিছৰ অলিম্পিয়ান কমলেশ মেহতা, এথলেটিকছৰ অলিম্পিয়ান অনুৰাধা বিছৱালে অংশগ্ৰহণ কৰে।
অনুষ্ঠানত অৰ্জুন মনালিছা বৰুৱা মেহতা আৰু শ্বুটাৰ জয়দীপ দাসে অংশগ্ৰহণ কৰিছিল। উল্লেখযোগ্য যে মনালিছা বৰুৱা মেহতা আৰু জয়দীপ দাসে ১৯৮২ আৰু ১৯৮৬ চনৰ এছিয়ান গেমছত একেলগে অংশগ্ৰহণ কৰিছিল। শনিবাৰৰ সম্বৰ্ধনা সভাত ৰাজ্যিক ক্ৰীড়া সঞ্চালক নিবেদন দাস পাটোৱাৰী আৰু জ্যেষ্ঠ ক্ৰীড়া সাংবাদিক সুবোধ মল্ল বৰুৱাও ভাষণ ৰাখে।
অসম বিধান সভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে ক্ৰীড়াৰ বাতৰিয়ে উঠি অহা খেলুৱৈক উপকৃত কৰিব বুলি কয়। NEWS18ৰ জ্যেষ্ঠ সাংবাদিক বিপুল বৰ্মন আৰু সাংবাদিক হীৰক জ্যোতি মালাকাৰকো সম্বৰ্ধনা জনায় ক্ৰীড়া সাংবাদিক সন্থাই।
Published by: Gautam Barman
FIRST PUBLISHED : July 09, 2022, 16:48 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।