• Home
  • »
  • News
  • »
  • sports
  • »
  • ৩৬ সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়ালৈ মাজত মাথো ৩টা দিন; অসম দললৈ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ শুভেচ্ছা

৩৬ সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়ালৈ মাজত মাথো ৩টা দিন; অসম দললৈ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ শুভেচ্ছা

ভাৰতবৰ্ষৰ সৰ্বশ্ৰেষ্ঠ ক্ৰীড়া মহোৎসৱত শ্ৰেষ্ঠত্ব প্ৰদৰ্শনৰ বাবে সংকল্প লৈছে অসমৰ খেলুৱৈয়ে।

ভাৰতবৰ্ষৰ সৰ্বশ্ৰেষ্ঠ ক্ৰীড়া মহোৎসৱত শ্ৰেষ্ঠত্ব প্ৰদৰ্শনৰ বাবে সংকল্প লৈছে অসমৰ খেলুৱৈয়ে।

ভাৰতবৰ্ষৰ সৰ্বশ্ৰেষ্ঠ ক্ৰীড়া মহোৎসৱত শ্ৰেষ্ঠত্ব প্ৰদৰ্শনৰ বাবে সংকল্প লৈছে অসমৰ খেলুৱৈয়ে।

  • Share this:
গুজৰাট নেছনেল গেমছলৈ মাজত আৰু ৩ দিন বাকী। আগন্তুক ২৯ ছেপ্তেম্বৰৰ পৰা আৰম্ভ হ'বলগীয়া ৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিবলগীয়া অসমৰ খেলুৱৈক শুক্ৰবাৰে অলিম্পাকৰ কীট প্ৰদান কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই। ৩৬ সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়াৰ বাবে সাজু হৈছে বৃহৎ অসম দল। ভাৰতবৰ্ষৰ সৰ্বশ্ৰেষ্ঠ ক্ৰীড়া মহোৎসৱত শ্ৰেষ্ঠত্ব প্ৰদৰ্শনৰ বাবে সংকল্প লৈছে অসমৰ খেলুৱৈয়ে।

গুজৰাটৰ ৰাষ্ট্ৰীয় ক্ৰীড়াত অংশ ল‘বলগীয়া অসম দলৰ খেলুৱৈসকলক অলিম্পিকৰ কীট প্ৰদানৰ লগতে শুভেচ্ছা জ্ঞাপন কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱালে। মুখ্যমন্ত্ৰী শৰ্মা আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালৰ পৰা কীট গ্ৰহণ কৰে তাৰকা খেলুৱৈ হিমা দাস আৰু নয়নমনি শইকীয়াই। মুখ্যমন্ত্ৰীয়ে অসমৰ খেলুৱৈসকলক গুজৰাটত খেলৰ লগতে নিয়মনুৱৰ্তিতা মানি চলিবলৈ পৰামৰ্শ দিয়ে।

৩৬ সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়াৰ বাবে অসমৰ খেলুৱৈসকলে ইতিমধ্যে প্ৰস্ততি সম্পূৰ্ণ কৰিছে। এক আছুতীয়া সাক্ষাৎকাৰত নয়নমনি শইকীয়াইঅসমৰ ফলাফল উন্নত হ'ব বুলি আশা প্ৰকাশ কৰে। উল্লেখ্য যে, হিমা দাসে বৰ্তমান গুৱাহাটীত অনুশীলন কৰাৰ উপৰি লাভলিনা বৰগোহাঁই, শিৱ থাপাই পাঞ্জাৱৰ অনুশীলন চলাই আছে। অসমৰ দলক লৈ আশাবাদী অসমৰ সফল আন্তঃৰাষ্ট্ৰীয় বক্সাৰ ফাইলাও বসুমতাৰী। প্ৰথমবাৰলৈ বিমানেৰে ৰাষ্ট্ৰীয় ক্ৰীড়াত খেলিবলৈ যাৱলৈ সাজু হোৱা অসমৰ খেলুৱৈক শুভেচ্ছা জ্ঞাপন কৰে পুনে ৰাষ্ট্ৰীয় ক্ৰীড়াৰ স্বৰ্ণজয়ী অসমৰ প্ৰথমগৰাকী খেলুৱৈ শ্যাম ৰাজখোৱাই।

মন কৰিবলগীয়া যে, চীফ দ্যা মিছন ৰাজ কাকতিৰ নেতৃত্বত অসমৰ প্ৰথমটো অফিচিয়েলৰ দল শনিবাৰে আহমদাবাদ অভিমুখে ৰাওনা হৈছে।
Published by:Sehnaz Begum
First published:

শেহতীয়া বাতৰি