ৰোহিত শৰ্মালৈ বিশেষ উপহাৰ আগবঢ়ালে গুৱাহাটীৰ এজন যুৱকে। ৰাবাৰ ষ্টাম্পৰ জৰিয়তে প্ৰতিচ্ছবি তৈয়াৰ কৰি উপহাৰ দিলে ক্ৰিকেটাৰজনক। হোটেল ৰেডিছন ব্লুত নিজ হাতেৰে প্ৰতিচ্ছবিখন উপহাৰ দিলে ৰাহুল পাৰিকে।
উল্লেখযোগ্য যে, বিগত বৰ্ষৰ ছেপ্টেম্বৰ মাহতেই ৰাহুলে প্ৰস্তুত কৰিছিল প্ৰতিচ্ছবিখন। অক্টোবৰত অনুষ্ঠিত হৈ যোৱা ভাৰত-দক্ষিণ আফ্ৰিকাৰ টি২০ মেচৰ সময়ত ক্ৰিকেটাৰজনক উপহাৰ দিবলৈ চেষ্টা কৰিছিল ৰাহুলে। কিন্তু সেইবাৰ উপহাৰটি দিয়াৰ সৌভাগ্য নহ'ল যুৱকজনৰ।
অৱশ্যে এইবাৰ ভাগ্য ফুলিল ৰাহুলৰ। ৰেডিছন ব্লু'ত উপহাৰ দিলে ৰাহুলে। মন কৰিবলগীয়া যে, কিছু বছৰ পূৰ্বে ভাৰতীয় ক্ৰিকেট দলৰ তাৰকা বিৰাট কোহলীকো উপহাৰ দিছিল ৰাহুলে।
পেলনীয়া মোবাইল তথা অন্যান্য সামগ্ৰীৰ জৰিয়তে ৰাহুলে বনাইছিল বিৰাটৰ প্ৰতিচ্ছবি। অনুৰূপ ধৰণে তৈয়াৰী প্ৰতিচ্ছবি উপহাৰ দিছে বলীউদৰ অভিনেতা অক্ষয় কুমাৰ, অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাকো।
Published by: Sanjay Kumar Das
FIRST PUBLISHED : January 09, 2023, 13:21 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।