মুখ্যপৃষ্ঠা »খবৰ »ক্ৰীড়া »Bordoloi Trophy 2023 : ৬৯সংখ্যক ভাৰতৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈ ট্ৰফী, প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ

Bordoloi Trophy 2023 : ৬৯সংখ্যক ভাৰতৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈ ট্ৰফী, প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ

২ এপ্ৰিলত গুৱাহাটীৰ নেহৰু ষ্টেডিয়ামত অনুষ্ঠিত হ'ব দুখন ছেমি ফাইনেলৰ খেল

২ এপ্ৰিলত গুৱাহাটীৰ নেহৰু ষ্টেডিয়ামত অনুষ্ঠিত হ'ব দুখন ছেমি ফাইনেলৰ খেল

২ এপ্ৰিলত গুৱাহাটীৰ নেহৰু ষ্টেডিয়ামত অনুষ্ঠিত হ'ব দুখন ছেমি ফাইনেলৰ খেল

  • Share this:
৬৯সংখ্যক ভাৰতৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈ ট্ৰফী ২৫ মাৰ্চৰ পৰা ৪ এপ্ৰিললৈ অনুষ্ঠিত হ'ব। এইবাৰৰ বৰদলৈ ট্ৰফীত ৮টা দলে অংশ লৈছে (69th Bharat Ratna Lokapriya Gopinath Bordoloi Trophy)।

মঙলদৈ আৰু গুৱাহাটীত অনুষ্ঠিত হ'ব এই খেল। ৪ এপ্ৰিলত গুৱাহাটীৰ নেহৰু ষ্টেডিয়ামত হ'ব বৰদলৈ ট্ৰফীৰ ফাইনেল খেলখন। ২ এপ্ৰিলত গুৱাহাটীৰ নেহৰু ষ্টেডিয়ামত অনুষ্ঠিত হ'ব দুখন ছেমি ফাইনেলৰ খেল। ইয়াকে লৈ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰিছে আয়োজক সমিতিয়ে।

গুৱাহাটী ক্ৰীড়া সন্থাৰ সভাপতি পুলক গোস্বামীয়ে জানিবলৈ দিয়া মতে,  অইল ইণ্ডিয়া FC দুলীয়াজান, অসম ৰাজ্যিক বিদ‍্যুত পৰিষদ, অসম পুলিচ ব্লুজ, BSS স্পৰ্টিং ক্লাব কলকাতাকে ধৰি আঠটাকৈ দলে অংশগ্ৰহণ কৰিব ঐতিহ‍্যমণ্ডিত প্ৰতিযোগিতাখনত। দুটাকৈ গ্ৰুপত অনুষ্ঠিত হ'ব খেলসমূহ। গ্ৰুপ Aৰ খেলসমূহ অনুষ্ঠিত হ'ব নেহৰু ষ্টেডিয়ামত আৰু গ্ৰুপ B ৰ খেলসমূহ অনুষ্ঠিত হ'ব মঙলদৈত।

শেহতীয়া বাতৰি