• Home
  • »
  • News
  • »
  • sports
  • »
  • Prabin Chandra Das : ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলত অসমৰ ৬১ বছৰীয়া প্ৰবীণ চন্দ্ৰ দাসৰ ব্ৰঞ্জৰ পদক অৰ্জন

Prabin Chandra Das : ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলত অসমৰ ৬১ বছৰীয়া প্ৰবীণ চন্দ্ৰ দাসৰ ব্ৰঞ্জৰ পদক অৰ্জন

দাসৰ  সপোন- চৰকাৰে অনুশীলনৰ বাবে কিছু সহায় কৰিলে আন্তঃৰাষ্ট্ৰীয় এথেলেটিক খেলত অংশগ্ৰহণ কৰিব

দাসৰ  সপোন- চৰকাৰে অনুশীলনৰ বাবে কিছু সহায় কৰিলে আন্তঃৰাষ্ট্ৰীয় এথেলেটিক খেলত অংশগ্ৰহণ কৰিব

দাসৰ  সপোন- চৰকাৰে অনুশীলনৰ বাবে কিছু সহায় কৰিলে আন্তঃৰাষ্ট্ৰীয় এথেলেটিক খেলত অংশগ্ৰহণ কৰিব

  • Share this:
জীৱনৰ ৬০ বছৰ অতিক্ৰম কৰা বহু লোকে বিচাৰে কিছু জিৰণি। কিন্তু ৬০ বছৰ অতিক্ৰম কৰি জিৰণি নলৈ খেল-ধেমালিৰ লগত নিজকে ব্যস্ত ৰখা লোকৰ উদাহৰণ সাধাৰণতে আমাৰ দেশত পোৱা নাযায়। কিন্তু তাৰ মাজতে এজন ৬১ বছৰীয়া লোকে ৬০ ঊৰ্ধ্বৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ  খেলত পদক লাভ কৰি অসমলৈ সুনাম কঢ়িয়াই আনিছে।

৬১ বছৰীয়া এই লোকজন গুৱাহাটী মহানগৰীৰ লংকেশ্বৰৰ প্ৰবীণ চন্দ্ৰ দাস। গুৱাহাটীত জ্যেষ্ঠ লোকৰ বাবে অনুশীলনৰ ব্যৱস্থাৰ অভাৱ যদিও এই লোকজনে নিজৰ বাসগৃহত নিজাকৈ দৈনন্দিনভাৱে অনুশীলন অব্যাহত ৰাখে। প্ৰবীণ চন্দ্ৰ দাসে নিজৰ চৰকাৰী চাকৰিৰ পৰা অৱসৰ লোৱাৰ পিছতো খেলৰ অনুশীলন কৰি আহিছে। ৬০ৰ ঊৰ্ধ্বৰ আন্তঃৰাষ্ট্ৰীয় এথেলেটিক খেলত নিয়োজিত হৈ দেশৰ লগতে ৰাজ্যৰ সুনাম অৰ্জন কৰিব কৰিব বিচাৰে প্ৰবীণ চন্দ্ৰ দাসে।

প্ৰবীণ দাসে যোৱা জানুৱাৰী মাহত ডিব্ৰুগড়ত ৬০ৰ ঊৰ্ধ্বৰ খেল লং জাম্প, ট্ৰিপল জাম্প ,আৰু ১০০ মিটাৰ দৌৰত সোণৰ পদকৰ লগতে ৰূপৰ পদক লাভ কৰে। তদুপৰি গুৱাহাটী মহানগৰীৰ সৰুসজাই ষ্টেডিয়ামত অনুষ্ঠিত হোৱা খেলত সোণৰ ৰূপক পদক লাভ কৰি যোৱা জুন মাহৰ শেষত গুজৰাটত অনুষ্ঠিত হোৱা প্ৰথম বাৰ্ষিক National Open Masters Athletics Championships 2022ত অংশগ্ৰহণ কৰি লং জাম্প আৰু ট্ৰিপল জাম্পত ব্ৰঞ্জৰ মেডেল লাভ কৰি অসমলৈ সুনাম কঢ়িয়াই আনে।

আনহাতে ছাত্ৰ জীৱনত প্ৰবীণ চন্দ্ৰ দাসে (Prabin Chandra Das)  মহাবিদ্যালয়ৰ আন্তঃখেল প্ৰতিযোগিতাসমূহত গুৱাহাটী বিশ্ববিদ্যালয়, ডিব্ৰুগড় বিশ্ববিদ্যালয় আৰু যোৰহাট বিশ্ববিদ্যালয়ৰ শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান লাভ কৰিছিল।

দাসৰ  সপোন- চৰকাৰে অনুশীলনৰ বাবে কিছু সহায় কৰিলে আন্তঃৰাষ্ট্ৰীয় এথেলেটিক খেলত অংশগ্ৰহণ কৰি নিজৰ সপোনৰ লগতে দেশ আৰু অসমৰ নাম বিশ্বৰ বুকুত উজলাবলৈ প্ৰচেষ্টা হাতত ল'ব পাৰে।

মহানগৰীৰ লংকেশ্বৰৰ প্ৰবীণ চন্দ্ৰ দাস গুজৰাটৰ পৰা উভতি অহাৰ পিছত পশ্চিম গুৱাহাটী সমষ্টিৰ অগপ আৰু লংকেশ্বৰস্থিত স্থানীয় ৰাইজে আনুষ্ঠানিকভাৱে সম্বৰ্ধনা জনায় আৰু সকলোৱে কামনা কৰে প্ৰবীণ চন্দ্ৰ দাসে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত দেশৰ নাম বিশ্বৰ বুকুত জিলিকাই নিজৰ সপোন বাস্তৱায়িত কৰিব।
Published by:Gautam Barman
First published: