অসম এথলেটিকছ সন্থাৰ উদ্যোগত গুৱাহাটীৰ পল্টন বজাৰস্থিত ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণৰ খেলপথাৰত আজিৰে পৰা আৰম্ভ হয় ৩৭ সংখ্যক ৰাষ্ট্ৰীয় জুনিয়ৰ এথলেটিকছ চেম্পিয়নশ্বিপ ২০২২। প্ৰতিযোগিতাখন শুকুৰবাৰে আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে শক্তি মন্ত্ৰী নন্দিতা গাৰলোচাই।
১১ নৱেম্বৰ, শুকুৰবাৰৰ পৰা ১৫ নৱেম্বৰলৈ অনুষ্ঠিত হ'বলগীয়া প্ৰতিযোগিতা খনত দেশৰ মুঠ ২৮ খন ৰাজ্যৰ ২১১৩ গৰাকী এথলীটে অংশগ্ৰহণ কৰিছে। প্ৰতিযোগিতাৰ প্ৰথম দিনটোতেই ২ গৰাকী খেলুৱৈয়ে গঢ়া নতুন ৰাষ্ট্ৰীয় অভিলেখে সকলোকে উৎসাহিত কৰি তুলিছে।
আজি অনুষ্ঠিত ল'ৰাৰ ১৬ বছৰ অনুৰ্ধ্ব শাখাত ডিচকাছ থ্ৰ'ত ৫৭.০১ মিটাৰ দলিয়াই পূৰ্বৰ অভিলেখ ভংগৰে নতুন অভিলেখ গঢ়ে পঞ্জাৱৰ দেবাঞ্চ জাগ্গাই। পূৰ্বে ২০২১ চনত গুৱাহাটীতে ৰামনাৰায়ণ মৌৰয়াই ৫৩.১৭ মিটাৰ দলিয়াই অভিলেখ স্থাপন কৰিছিল। ডিচকাছৰ লগতে লং জাম্পৰ ছোৱালীৰ অনুৰ্দ্ধ-২০ বছৰ শাখাত ৬.৩৮ মিটাৰ জাম্পেৰে নতুন মীট ৰেকৰ্ড স্থাপন কৰিলে উত্তৰ প্ৰদেশৰ ছেইলী সিঙে।
আজি অনুষ্ঠিত প্ৰতিযোগিতাৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে ছাত্ৰ আৰু যুৱ কল্যাণ উপদেষ্টা পৰিষদৰ সদস্য সচিব গীতাৰ্থ গোস্বামী, অসম এথলেটিকছ সন্থাৰ সভাপতি তথা ভাৰতীয় এথলেটিকছ ফেডাৰেছনৰ উপ সভাপতি লক্ষ্য কোঁৱৰ, গুৱাহাটী ক্ৰীড়া সন্থাৰ সভাপতি পুলক গোস্বামী, অসম ভাৰোত্তোলন সন্থাৰ সম্পাদক ভৱজ্যোতি গোস্বামী, অসম খো খো সন্থাৰ সভাপতি ৰাজীৱ প্ৰকাশ বৰুৱা, প্ৰাক্তন আন্তঃৰাষ্ট্ৰীয় খেলুৱৈ তৈয়বুন নিছা, গুৱাহাটী ছাইৰ উপ-সঞ্চালক প্ৰাণজিত ভাগৱতী, ভাৰতীয় এথলেটিকছ ফেডাৰেচনৰ টেকনিকেল ছেয়াৰমেন ষ্টেনলি জনছৰ লগতে বহু সংখ্যক বিশিষ্ট ব্যক্তি।
উদ্বোধনী অনুষ্ঠানৰ পিছতেই প্ৰথম দিনটোৰ পদক বিজয়ী খেলুৱৈসকলক আমন্ত্ৰিত অতিথিসকলে পদকসমূহ প্ৰদান কৰে। ১৪,১৬,১৮,২০ অনুৰ্ধ্ব বয়সৰ লৰা-ছোৱালী উভয়ৰে মাজত অনুষ্ঠিত প্ৰতিযোগিতাখনত ১১৮৮ জন ল'ৰা আৰু ৯২৫ গৰাকী ছোৱালী খেলুৱৈয়ে অংশগ্ৰহণ কৰিছে।
Published by: Subham Goswami
FIRST PUBLISHED : November 11, 2022, 20:17 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।