• Home
  • »
  • News
  • »
  • sports
  • »
  • 318 Runs In T-20 Match: অবিশ্বাস্য! টি–২০ মেচত ৩১৮ ৰান! সকলো অভিলেখ ভংগ

318 Runs In T-20 Match: অবিশ্বাস্য! টি–২০ মেচত ৩১৮ ৰান! সকলো অভিলেখ ভংগ

প্ৰত্যুত্তৰত ছৌদি আৰবে মাত্ৰ ৪৯ ৰানত অলআউট হয়। তেওঁলোকে ২৬৯ ৰানত পৰাজিত হয়।

প্ৰত্যুত্তৰত ছৌদি আৰবে মাত্ৰ ৪৯ ৰানত অলআউট হয়। তেওঁলোকে ২৬৯ ৰানত পৰাজিত হয়।

প্ৰত্যুত্তৰত ছৌদি আৰবে মাত্ৰ ৪৯ ৰানত অলআউট হয়। তেওঁলোকে ২৬৯ ৰানত পৰাজিত হয়।

  • Share this:
২২ মাৰ্চৰ দিনটো আন্তৰ্জাতিক টি–২০ৰ বাবে স্মৰণীয় হৈ থাকিব। ওমানত অনুষ্ঠিত জিচিচি মহিলা টি–২০ চেম্পিয়নশ্বিপত (GCC Women’s T20 Championship Cup) ছৌদি আৰবৰ বিৰুদ্ধে বাহৰেইনে নিৰ্ধাৰিত ২০ অভাৰত ১ উইকেট হেৰুৱাই অভিলেখ ৩১৮ ৰান কৰে। এয়া এখন আন্তৰ্জাতিক টি–২০ মেচত সৰ্বকালৰ সৰ্বোচ্চ ৰান।

প্ৰত্যুত্তৰত ছৌদি আৰবে মাত্ৰ ৪৯ ৰানত অলআউট হয়। তেওঁলোকে ২৬৯ ৰানত পৰাজিত হয়। ছৌদি আৰবৰ কোনো এজন খেলুৱৈয়ে দুটা অংকৰ ৰান কৰিব নোৱাৰিলে। সৰ্বোচ্চ ৯ ৰান কৰে মায়ৰা খান। অতিৰিক্ত হিহাচে আহিছে ১১ ৰান।

আন্তৰ্জাতিক মহিলা টি–টুৱেণ্টি মেচত দ্বিতীয়বাৰৰ বাবে কোনো দলে ৩০০ অতিক্ৰম কৰিলে। ইয়াৰ পূৰ্বে ২০১৯ চনত মালিৰ বিৰুদ্ধে উগাণ্ডাই ২ উইকেটত ৩১৪ ৰান কৰিছিল। পুৰুষৰ আন্তৰ্জাতিক টি–২০ত কোনো দলেই ৩০০ ৰানৰ সীমা অতিক্ৰম কৰিব পৰা নাই এতিয়ালৈ। সৰ্বোচ্চ স্ক’ৰ ২৭৮। ২০১৯ চনত দেৰাডুনত আয়াৰলেণ্ডৰ বিৰুদ্ধে আফগানিস্তানে কৰিছিল এই স্ক’ৰ।
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি