• Home
  • »
  • News
  • »
  • sports
  • »
  • গোৱাৰ ৰাষ্ট্ৰীয় কাৰাটে প্ৰতিযোগিতালৈ নিৰ্বাচিত কোকৰাঝাৰৰ ১৪ খেলুৱৈ

গোৱাৰ ৰাষ্ট্ৰীয় কাৰাটে প্ৰতিযোগিতালৈ নিৰ্বাচিত কোকৰাঝাৰৰ ১৪ খেলুৱৈ

অসম দলক প্ৰতিনিধিত্ব কৰিবলগীয়া ১৬গৰাকী খেলুৱৈৰ ভিতৰত ১৪গৰাকীয়েই কোকৰাঝাৰ জিলাৰ৷

অসম দলক প্ৰতিনিধিত্ব কৰিবলগীয়া ১৬গৰাকী খেলুৱৈৰ ভিতৰত ১৪গৰাকীয়েই কোকৰাঝাৰ জিলাৰ৷

অসম দলক প্ৰতিনিধিত্ব কৰিবলগীয়া ১৬গৰাকী খেলুৱৈৰ ভিতৰত ১৪গৰাকীয়েই কোকৰাঝাৰ জিলাৰ৷

  • Share this:

গোৱাত ২৮ অক্টোবৰৰ পৰা ৩১ অক্টোবৰলৈ অনুষ্ঠিত হ'বলগীয়া ৰাষ্ট্ৰীয় ছাব জুনিয়ৰ কাৰাটে প্ৰতিযোগিতা ২০২১ত   কোকৰাঝাৰ জিলাৰ ১৪গৰাকীকৈ খেলুৱৈয়ে অংশগ্ৰহণ কৰাৰ খবৰে সমগ্ৰ বিটিআৰতে  আনন্দৰ বতৰা কঢ়িয়াই আনিছে ৷


গোৱাত অনুষ্ঠিতব্য ৰাষ্ট্ৰীয় কাৰাটে প্ৰতিযোগিতাত অসম দলক প্ৰতিনিধিত্ব কৰিবলগীয়া ১৬গৰাকী খেলুৱৈৰ ভিতৰত ১৪গৰাকীয়েই কোকৰাঝাৰ জিলাৰ৷ উক্ত ১৪গৰাকী খেলুৱৈৰ তালিকাত অন্তৰ্ভুক্ত হৈছে কোকৰাঝাৰ চহৰস্থিত বিদ্যাপীঠ হাইস্কুলৰ নৱম শ্ৰেণীৰ ছাত্ৰী কংকনা বৰ্মনৰ নাম।


কোকৰাঝাৰ সদৰ চহৰৰ ডিমলগাঁও বাতাবাৰীৰ বাসিন্দা অশোক বৰ্মন আৰু পপী বৰ্মনৰ কন্যা কংকনা বৰ্মনক পিতৃ অশোক বৰ্মনে নিজেই  সমৰ কলা বিশেষকৈ কাৰাটে, জুডো আদিৰ প্ৰশিক্ষণ দি আহিছে৷ তেওঁলোকৰ ঘৰৰ আৰ্থিক অৱস্থা দুৰ্বল হোৱা সত্ত্বেও পিতৃয়ে সামৰ্থ্য  অনুসৰি কন্যাক সমৰ কলাৰ প্ৰশিক্ষণ দিছে৷

Published by:Gautam Barman
First published: