‘‘মন কৰিলেই চন, বাকৰি মাটিতে ধন ৷’’ এই আপ্তবাক্যশাৰী এতিয়া বাৰুকৈয়ে বুজি উঠিছে অসমৰ নতুন প্ৰজন্মই ৷ বহু যুৱক-যুৱতীয়ে এতিয়া আৰু চাকৰিৰ বাবে আশা পালি বহি নাথাকে ৷
ক্ষুদ্ৰ ব্যৱসায়, খেতি আদিত বিশেষ মনোযোগিতা দিয়া দেখা গৈছে নতুন প্ৰজন্মই। তেনে এজন উদ্যমী যুৱক হ'ল লখিমপুৰৰ ফুলবাৰীৰ কল্যাণ শইকীয়া ৷ কল্যাণ শইকীয়াই এতিয়া আৰু চাকৰিৰ আশা নকৰে ৷
কিয়নো বাকৰি মাটিৰ পৰা ধন বুটলাত ব্যস্ত হৈ পৰিছে কল্যাণ ৷ কাল কৰোনাই বিভীষিকাৰ সৃষ্টি কৰা সময়তে অৰ্থাৎ তিনিটা বছৰৰ পূৰ্বে কল্যাণ শইকীয়াই আৰম্ভ কৰিছিল উন্নত জাতৰ আপেল বগৰী, ডালিম আৰু মধুৰিআমৰ খেতি ৷
নিজ বাৰীৰে ছন পৰি থকা মাটিত আৰম্ভ কৰা এই খেতিয়ে এতিয়া বছৰি বহু লাখকৈ টকা কল্যাণৰ হাতলৈ আনি দিছে ৷ কল্যাণ শইকীয়াৰ এই সফলতাৰ আঁৰতো আছে এজন ব্যক্তি। তেওঁ হ'ল নাওবৈচা সমষ্টিৰ অসম যুৱ আয়োগৰ সদস্য ঋষিৰাজ হাজৰিকা।
কৰোনাৰ ফলত বহু লোকে উপাৰ্জনৰ উৎস হেৰুওৱাৰ পিছতে ঋষিৰাজ হাজৰিকাই কল্যাণ শইকীয়াৰ দৰে কেইবা শ যুৱকক এনেধৰণৰ খেতিৰ দিহা দিছিল ৷ ফলত আজি কল্যাণৰ দৰে বহু যুৱকৰ পৰিয়ালত কল্যাণ সাধন হোৱা দেখা গৈছে ৷
Published by: Sehnaz Begum
FIRST PUBLISHED : March 24, 2023, 14:34 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।