মুখ্যপৃষ্ঠা »খবৰ »শোণিতপুৰ »Tezpur News: তেজপুৰত তিনিদিন ধৰি আবদ্ধ গজৰাজ, ক্ৰমাৎ অসুস্থ হৈ পৰা হাতীটোক উদ্ধাৰ কৰিবলৈ অক্ষম বন বিভাগ

Tezpur News: তেজপুৰত তিনিদিন ধৰি আবদ্ধ গজৰাজ, ক্ৰমাৎ অসুস্থ হৈ পৰা হাতীটোক উদ্ধাৰ কৰিবলৈ অক্ষম বন বিভাগ

তেজপুৰত তিনিদিন ধৰি আবদ্ধ গজৰাজ, ক্ৰমাৎ অসুস্থ হৈ পৰা হাতীটোক উদ্ধাৰ কৰিবলৈ অক্ষম বন বিভাগ

তেজপুৰত তিনিদিন ধৰি আবদ্ধ গজৰাজ, ক্ৰমাৎ অসুস্থ হৈ পৰা হাতীটোক উদ্ধাৰ কৰিবলৈ অক্ষম বন বিভাগ

পানীৰ বাহিৰে আন একোৱেই পেটলৈ নিবলৈ সক্ষম নোহোৱা হাতীটো ক্ৰমাৎ অসুস্থ হৈ আহিছে ৷ বনবিভাগৰ লোকৰ লগতে স্থানীয় লোকেও হাতীটো উদ্ধাৰৰ লগতে খাদ্য যোগানৰ চেষ্টা কৰি আছে যদিও সফল হ'ব পৰা নাই ।

  • Share this:
তেজপুৰ, ২৩ মে': এটা বনৰীয়া হাতীৰ দুৰৱস্থাই চকু সেমেকাইছে শোণিতপুৰৰ ঠেলামৰা তেলীয়া গাঁওবাসীক ৷ বিগত তিনিটা দিনে এটা পিতনিত আৱদ্ধ হৈ বনৰীয়া হাতীটোৱে যুঁজি আছে জীৱন-মৰণৰ সৈতে ৷

পানীৰ বাহিৰে আন একোৱেই পেটলৈ নিবলৈ সক্ষম নোহোৱা হাতীটো ক্ৰমাৎ অসুস্থ হৈ আহিছে ৷ বন বিভাগৰ লোকৰ লগতে স্থানীয় লোকেও হাতীটো উদ্ধাৰৰ লগতে খাদ্য যোগানৰ চেষ্টা কৰি আছে যদিও সফল হ'ব পৰা নাই ।

উল্লেখ্য, হাতীটোৱে ব্ৰহ্মপুত্ৰ অতিক্ৰম কৰি উত্তৰ পাৰত অৱস্থান কৰিছিল বিগত দুটা দিনৰ পূৰ্বেই ৷ বন বিভাগৰ মন্তব্য অনুসৰি হাতীটোৰ কোনো বাহ্যিক আঘাত প্ৰত্যক্ষ কৰা নাই যদিও সম্ভৱঃ আভ্যন্তৰীণ অসুস্থতাৰ ফলত স্থানীয় লোকে যোগান ধৰা খাদ্য গ্ৰহণ কৰিবলৈও সক্ষম হোৱা নাই ৷ আনহাতে বনৰীয়া হাতীটো ক'ৰ পৰা আহি পিটনিত আৱদ্ধ হৈ পৰিল সেয়াও স্পষ্ট হোৱা নাই ৷

তোমাৰ চহৰৰ পৰা(Sonitpur)

শেহতীয়া বাতৰি