মুখ্যপৃষ্ঠা »খবৰ »শোণিতপুৰ »Sonitpur News: উত্তৰ-পূৰ্বাঞ্চলত প্ৰথমবাৰৰ বাবে মুকলি হ'ল Warehouse Receipt Finance

Sonitpur News: উত্তৰ-পূৰ্বাঞ্চলত প্ৰথমবাৰৰ বাবে মুকলি হ'ল Warehouse Receipt Finance

Warehouse Receipt Finance

Warehouse Receipt Finance

শোণিতপুৰ জিলা কৃষি বিভাগ, এপাৰ্টৰ উদ্যোগত আৰু জিলা প্ৰশাসন, ICCOA, ASWC, Arya.ag ৰ সহযোগত তেজপুৰৰ ৰবৰ বাগানস্থিত ASWC ৰ ৱেৰহাউছত অনুষ্ঠিত এক অনুষ্ঠানত পাইলট প্ৰজেক্ট WRF ৰ শুভাৰম্ভণি কৰা হয় ।

  • Share this:
তেজপুৰ, ২৬ মে': উত্তৰ-পূৰ্বাঞ্চলত প্ৰথমবাৰৰ বাবে পণ্যাগাৰ বা ৱেৰহাউছৰ ওপৰত পাইলট প্ৰজেক্ট হিচাপে গ্ৰহণ কৰা Warehouse Receipt Financeৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰা হয় শুকুৰবাৰে ৷ পাইলট প্ৰজেক্টটো শুভাৰম্ভণি কৰে শোণিতপুৰ জিলাৰ উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰ আৰু অসম ৰাজ্যিক ৱেৰহাউছিং কৰ্পোৰেচনৰ পৰিচালন সঞ্চালক প্ৰদীপ তিমুঙে।

শোণিতপুৰ জিলা কৃষি বিভাগ, এপাৰ্টৰ উদ্যোগত আৰু জিলা প্ৰশাসন, ICCOA, ASWC, Arya.ag ৰ সহযোগত তেজপুৰৰ ৰবৰ বাগানস্থিত ASWC ৰ ৱেৰহাউছত অনুষ্ঠিত এক অনুষ্ঠানত পাইলট প্ৰজেক্ট WRF ৰ শুভাৰম্ভণি কৰা হয়।

উল্লেখ্য যে এই প্ৰজেক্টৰ অধীনত জিলাখনৰ তিনিটাকৈ কৃষক উৎপাদক কোম্পানী ক্ৰমে মজিয়া কৃষক উৎপাদক কোম্পানী, জয়মতী কৃষক উৎপাদক কোম্পানী আৰু সেউজ নয়ন কৃষক উৎপাদক কোম্পানীয়ে তেওঁলোকৰ উৎপাদিত সামগ্রী ষ্ট'ৰেজ কৰাৰ লগতে তেওঁলোকে ষ্ট'ৰেজ কৰা সামগ্ৰীৰ ওপৰত ভিত্তি কৰি Arya.ag (Arya Collateral warehousing services pvt Ltd ) ৰ তৰফৰ পৰা ঋণ লাভ কৰিব।

উক্ত অনুষ্ঠানতে জিলাখনৰ সেউজ নয়ন কৃষক উৎপাদক কোম্পানীয়ে গুদামত মজুত ৰখা মাকৈৰ পৰিমাণৰ ওপৰত ভিত্তি কৰি প্ৰদান কৰা ১ কোটি টকাৰ ঋণৰ অনুমোদন পত্ৰ প্ৰদান কৰে উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰই। বৰ্তমানলৈকে সেউজ নয়ন কৃষক উৎপাদন কোম্পানীয়ে গুদামটোত ৫৪২ মেট্রিক টন মাকৈ আৰু মজিয়া কৃষক উৎপাদন কোম্পানীয়ে ৫৭ মেট্রিক টন ৰঞ্জিত চাব ১ ধানৰ বীজ মজুত কৰিছে।

উল্লেখযোগ্য যে WRC ৰ অধীনত কৃষক উৎপাদন কোম্পানীসমূহে বীজ মজুত কৰা সময়লৈকেহে Arya.ag ক ঋণৰ সুদ প্ৰদান কৰিব লাগে। জিলা কৃষি বিষয়া পংকজ কুমাৰ শইকীয়াই আঁতধৰা অনুষ্ঠানটোত উপস্থিত থাকে APART ৰ কৃষি বিপণন বিশেষজ্ঞা নিভা কুমাৰী, জেষ্ঠ্য কৃষি উন্নয়ণ বিষয়া ড° খনিন্দ্ৰ ৰত্ন বৰ্মন, ASWC ৰ তেজপুৰ গুদামৰ পৰিচালক যুগল শইকীয়া, কৃষি উন্নয়ন বিষয়া দীপাংকৰ বাৰিক, APART শোণিতপুৰৰ বিপণন বিশেষজ্ঞ সৌৰভ শ্ৰীবাস্তৱ, NABARD ৰ DDM, UCO বেংকৰ সহকাৰী LDM, Arya.ag সহকাৰী প্ৰকল্প সমন্বয়ক অভিনৱ কুমাৰ, ICCOA ৰ বিষয়া কিশোৰ বৰুৱা, কৃষি সম্প্ৰসাৰণ সহায়ক নৃপেন ৰাজবংশী, চমছেৰ আহমেদ, মিডিয়া বিশেষজ্ঞ বিতোপন শইকীয়া, আচঁনি বিষয়া ৰঞ্জিতা গোস্বামী, APART শোণিতপুৰৰ অন্যান্য বিষয়াসকল, ২০০ ৰো অধিক কৃষক ৰাইজৰ লগতে ভিডিঅ' কনফাৰেঞ্চযোগে অংশগ্ৰহণ কৰে Arya.ag ৰ CEO প্ৰসন্ন ৰাৱে।

তোমাৰ চহৰৰ পৰা(Sonitpur)

শেহতীয়া বাতৰি