মুখ্যপৃষ্ঠা »খবৰ »শোণিতপুৰ »Pabhoi Greens Biswanath: পাভৈ গ্ৰীনত এতিয়া উপলব্ধ প্ৰায় ১৪০টা প্ৰজাতিৰ বিলাহী

Pabhoi Greens Biswanath: পাভৈ গ্ৰীনত এতিয়া উপলব্ধ প্ৰায় ১৪০টা প্ৰজাতিৰ বিলাহী

বিশ্বনাথৰ পাভৈ গ্ৰীণত প্ৰায় ১৪০ টা প্ৰজাতিৰ বিলাহী

বিশ্বনাথৰ পাভৈ গ্ৰীণত প্ৰায় ১৪০ টা প্ৰজাতিৰ বিলাহী

বিশ্বনাথৰ পাভৈত যুৱকৃষক নীলম দত্তৰ প্ৰচেষ্টাত গঢ় লৈ উঠা কৃষিপামখনত উপলব্ধ বিভিন্ন প্ৰজাতিৰ পাচলিয়ে এতিয়া সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে ৷ কৃষিপামখন আছে ১৪০ টা প্ৰজাতিৰ বিলাহী ৷ ভিন্নৰঙী বিলাহীসমূহৰ প্ৰতিটোৰ ওজন প্ৰায় ৫ গ্ৰামৰ পৰা ২৫০ গ্ৰাম পৰ্যন্ত ৷ 

  • Share this:
তেজপুৰ, ৩০ মাৰ্চ: বিশ্বনাথ জিলাৰ এখন বিশেষ কৃষিপামে আশাৰ বতৰা কঢ়িয়াই আনিছে। বিশ্বনাথৰ পাভৈত যুৱকৃষক নীলম দত্তৰ প্ৰচেষ্টাত গঢ় লৈ উঠা কৃষিপামখনত উপলব্ধ বিভিন্ন প্ৰজাতিৰ পাচলিয়ে এতিয়া সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে ৷ পামখনত আছে ১৪০টা প্ৰজাতিৰ বিলাহী ৷ ভিন্নৰঙী বিলাহীসমূহৰ প্ৰতিটোৰ ওজন প্ৰায় ৫ গ্ৰামৰ পৰা ২৫০ গ্ৰাম পৰ্যন্ত ৷

সেই অনুসৰি বিলাহীসমূহৰ আকাৰো ভিন্ন ৷ কোনোবা এটা প্ৰজাতিৰ আকাৰ যদি টেনিছ বলটোৰ সমান, কোনোবা এটাৰ আকাৰ মাৰ্বল গুটিৰ সমান ৷ যুৱকৃষক নীলম দত্তৰ পাভৈ গ্ৰীন নামৰ কৃষিপামখনত বিলাহীসমূহ এতিয়া লমালমে লাগি থকা দেখা গৈছে ৷ বিলাহীৰ ভিন্ন প্ৰজাতিৰ বীজ উৎপাদনতো বিশেষ গুৰুত্ব প্ৰদান কৰিছে যুৱকৃষকগৰাকীয়ে।

ইয়াৰোপৰি নীলম দত্তই ধানৰ লগতে আন বহু ফচলৰ বীজ সংৰক্ষণ কৰি আহিছে। সেইসমূহৰ ভিতৰত ফুলকবি, বন্ধাকবি, ব্ৰকলি, ওলকবিৰ মুঠ ৫২টা প্ৰজাতি আৰু ৮০টা প্ৰজাতিৰ জলকীয়া উৎপাদন কৰা হৈছে কৃষিপামখনত।

আন এটা আশাৰ খবৰ এয়াই যে অৰুণাচল প্ৰদেশ আৰু নাগালেণ্ডতো নীলম দত্তই মহিলাৰ গোট গঠন কৰি পৰীক্ষামূলকভাৱে কবিৰ বীজ উৎপাদনৰ ক্ষেত্ৰত সফলতা অৰ্জন কৰিছে। ইয়াৰোপৰি বিভিন্ন প্ৰজাতিৰ জিকা, বেঙেনা আদিৰ বীজ উৎপাদন কৰি উত্তৰ-পূৰ্বাঞ্চলৰ কৃষকক যোগান ধৰিবলৈও সক্ষম হৈছে নীলম দত্ত। জৈৱিক খেতিত গুৰুত্ব প্ৰদান কৰা নীলম দত্তই কেঁচুসাৰ উৎপাদন কৰিও সফলতা অৰ্জন কৰিছে।

সম্প্ৰতি যুৱ কৃষকগৰাকীয়ে অভিলেখ সংখ্যক কেঁচুসাৰ উৎপাদন কৰি ৰপ্তানিৰ জৰিয়তে আশাৰ বতৰা কাঢ়িয়াই আনিছে। আনহাতে পাভৈ গ্ৰীন নামৰ কৃষিপামখনত আছে কুৰিটাৰো অধিক পুখুৰী, য'ত বিভিন্ন প্ৰজাতিৰ মাছৰ পোনা উৎপাদন কৰাৰ লগতে মাছ বিক্ৰী কৰা হয় ৷ উক্ত পুখুৰীসমূহৰ জৰিয়তে নীলম দত্তই কৰ্ম সংস্থাপন দিছে ২০ৰ পৰা ২৫জন যুৱকক ৷ কেৱল সিমানেই নহয়, নীলম দত্তৰ পামখনত আছে প্ৰায় ৩০ জনী উন্নত মানৰ গাইগৰু।

ইয়াৰ পৰা গাখীৰ উৎপাদন কৰিও লাভৱান হৈছে উদ্যমী যুৱক নীলম দত্ত। ধানখেতিৰ লগতে মধুৰীআম আৰু অন্যান্য খেতি কৰিও লাভৱান হৈছে যুৱকগৰাকী ৷ প্ৰায় ৮০ বিঘা মাটিৰে আগুৰি থকা পাভৈ গ্ৰীনক পৰ্যটন কেন্দ্ৰ হিচাপে গঢ় দিয়াৰো প্ৰচেষ্টা অব্যাহত ৰাখিছে নীলম দত্তই। ইয়াৰ পৰ্যটক থাকিব পৰাকৈ সাজি উলিয়াইছে কেইবাটাও আলহীগৃহ। টকৌ পাত, বাঁহ আদিৰে সাজি উলিয়াইছে অৰুণাচল প্ৰদেশৰ ঘৰৰ আৰ্হিৰ এটা চাংঘৰ।

পাভৈ গ্ৰীনত দেখা যায় আন এক নান্দনিক দৃশ্য ৷ কৃষিপামখনৰ পুখুৰীলৈ শৰালি, শামুকখোলা, বৰটোকোলাকে ধৰি বিভিন্ন প্ৰজাতিৰ চৰাইৰ আগমনে দৃষ্টি কাঢ়িছে সকলোৰে। প্ৰকৃতিক ভালপোৱা নীলম দত্তই এটা পুখুৰীত চৰায়ে কণী পাৰি পোৱালি জন্ম দিয়াৰ সুবিধাও কৰি দিছে৷ পামখনত আছে এটা থকা প্ৰশিক্ষণ কেন্দ্ৰ, য'ত প্ৰশিক্ষণ দি থকা হৈছে কৃষিকাৰ্যৰ প্ৰতি আগ্ৰহী বহু লোকক।

তোমাৰ চহৰৰ পৰা(Sonitpur)

শেহতীয়া বাতৰি