আধুনিকৰণৰ কথা কৈ থাকিলেও অসম আৰক্ষীৰ হেণ্ডকাফলৈ এতিয়াও জোৰ অহা নাই ৷ হেণ্ডকাফৰ লকেই হওক বা লক্আপেই হওক, অপৰাধী যে বন্দী হৈ থাকিবই তাৰ কোনো নিশ্চয়তা নাই ৷ এতিয়াও অব্যাহত আছে থানাৰ পৰা অপৰাধী পলায়নৰ ধাৰা ৷
এইবাৰ বিহপুৰীয়াত ঘটিল আৰক্ষী বিভাগটোকে লজ্জানত কৰা তেনে এক ঘটনা ৷ নিশকতীয়া বিহপুৰীয়া আৰক্ষীৰ জিম্মাৰ পৰা পলায়ন কৰিলে এটা চোৰে ৷ তাকো চোৰটোক ধৰি-বান্ধি আনি দিছিল সাধাৰণ জনতাই ৷ ৰাইজে ধৰি দিয়াৰ পাচতো চোৰটোক বন্দী ৰাখিবলৈ সক্ষম নোহোৱা বিহপুৰীয়া আৰক্ষীয়ে এতিয়া কাণ-মূৰ ৰঙা কৰি পলায়ন কৰা চোৰটো বিচাৰি অ'ৰ পৰা ত'লৈ দৌৰি ফূৰিবলগীয়া হৈছে ৷
ঘটনাটো শুকুৰবাৰে নিশা সংঘটিত হয় ৷ শুকুৰবাৰে বিহপুৰীয়া নগৰৰ ৯ নম্বৰ ৱাৰ্ডস্থিত বামুণ গাৱঁৰ মৃদুল বৰা নামৰ লোকজনৰ ঘৰত চুৰি কৰিবলৈ যাওঁতেই হাতে-লোটে ধৰা পৰিল জালাল আলী নামৰ চোৰটো ৷ দিন বেয়া চলি থকা চোৰটোক স্থানীয় ৰাইজে ধৰি-বান্ধি গতাই দিলে বিহপুৰীয়া থানাত ৷ নিশা প্ৰায় ১১ মান বজালৈকে চোৰটো থানাতেই দেখা গৈছিল যদিও পৰৱৰ্তী সময়ত জালাল নিৰুদ্দেশ হয় ৷
চোৰ জালাল থানাৰ পৰাই পলোৱাৰ পাচত স্বাভাৱিকতেই উত্তেজিত হৈ পৰিল স্থানীয় ৰাইজৰ লগতে জালালে অভিযান চলোৱা বাসগৃহৰ গৃহস্থ ৷ সকলোৱে এতিয়া চোৰটোক পুনৰ বন্দী কৰাৰ বাবে আৰক্ষীক দাবী জনাইছে ৷ বাকী বিহপুৰীয়া আৰক্ষীয়ে কিদৰে শক্তি প্ৰদৰ্শন কৰে সেয়া তেওঁলোকেহে জানিব ৷
Published by: Subham Goswami
FIRST PUBLISHED : March 25, 2023, 17:13 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।