মুখ্যপৃষ্ঠা »খবৰ »Sonitpur »Tezpur News: আৱৰ্জনাৰে ভৰি পৰিছে সৌন্দৰ্যনগৰী তেজপুৰ

Tezpur News: আৱৰ্জনাৰে ভৰি পৰিছে সৌন্দৰ্যনগৰী তেজপুৰ

আৱৰ্জনাৰে ভৰি পৰিছে সৌন্দৰ্যনগৰী তেজপুৰ

আৱৰ্জনাৰে ভৰি পৰিছে সৌন্দৰ্যনগৰী তেজপুৰ

পৰ্যটকৰ অন্যতম আকৰ্ষণস্থলী তেজপুৰ এতিয়া এজাক বৰষুণ দিলেই পানীৰে উপচি পৰে ৷ কেউফাল হৈ পৰে বোকাময় ৷ চকুৰ সন্মুখতে এনে দৃশ্য দেখিও হাত সাৱটি বহি আছে জিলা প্ৰশাসন তথা তেজপুৰ পৌৰসভা ৷ 

  • Share this:
তেজপুৰ,১৯ মাৰ্চ: সৌন্দৰ্য নগৰী হিচাবে কেন্দ্ৰীয় চৰকাৰে পুৰস্কৃত কৰা তেজপুৰে অক্ষুণ্ণ ৰাখিব পৰা নাই সেই গৰিমা ৷ দেশৰ ১০ খন চহৰৰ মাজৰ এখন সৌন্দৰ্য নগৰী তেজৰপুৰত এতিয়া কেউদিশে কদৰ্যময় পৰিৱেশ ৷

পৰ্যটকৰ অন্যতম আকৰ্ষণস্থলী তেজপুৰ এতিয়া এজাক বৰষুণ দিলেই পানীৰে উপচি পৰে ৷ কেউফাল হৈ পৰে বোকাময় ৷ চকুৰ সন্মুখতে এনে দৃশ্য দেখিও হাত সাৱটি বহি আছে জিলা প্ৰশাসন তথা তেজপুৰ পৌৰসভা ৷ ইয়াকে লৈ চিন্তিত হৈ পৰিছে ঊষানগৰীৰ বাসিন্দাসকল ৷

জনবসতি বৃদ্ধিৰ ফলত চহৰখনত জমা হোৱা পানী নিষ্কাশনৰ বাট সংকুচিত হৈ আহিবলৈ ধৰিছে ৷ পানী নিষ্কাশনৰ লগতে চহৰখন পৰিষ্কাৰ-পৰিচ্ছন্ন কৰি ৰখাৰ বাবে থকা নলা-নৰ্দমাৰ লগতে হোলাৰ মাটি অতি সন্তপৰ্ণে বেদখলীকৃত হ'বলৈ ধৰাত দুখজনকভাৱে তেজপুৰৰ সৌন্দৰ্যত নেতিবাচক প্ৰভাৱ পৰিছেে ৷

ৰাজ্যৰ ভিতৰতে ওখ চহৰ হিচাবে পৰিচিত চহৰখনৰ ত্ৰিবেণী চাৰিআলিৰ পৰা অসামৰিক চিকিৎসালয়ৰ চাৰিআলিলৈ আৰু ত্ৰিবেণী চাৰিআলিৰ পৰা পশ্চিম দিশে জয়মতী পথাৰলৈ, কটন ৰোডৰ পৰা পূৱ দিশে কেকোঁৰাপুল হৈ অসম ৰাজ্যিক পৰিবহন নিগমৰ বাছ আস্থানলৈকে ওখ-চাপৰ আৰু মনোৰম পথছোৱাত এতিয়া পানী জমা হোৱা কেন্দ্ৰবিন্দু হিচাবে চিহ্নিত হ’বলৈ ধৰিছে ৷

ইয়াৰ পূৰ্বে ওখ টিলাৰ পৰা বাগৰি অহা আৰু বৰষুণৰ পানীৰ লগতে আবাসিক স্থলৰ পানী নিৰ্দিষ্ট নলাৰে গৈ ব্ৰহ্মপুত্ৰত পৰিছিল ৷ উক্ত নলাসমূহ পৰিস্কাৰ-পৰিচ্ছন্ন হৈ থকালৈকে পানী নিষ্কাশনৰ ব্যৱস্থা সুচল হৈ আছিল ৷
অভিযোগ অনুসৰি শেহতীয়াকৈ তেজপুৰ পৌৰসভা আৰু জিলা প্ৰশাসনৰ অন্যমনষ্কতা আৰু অদূৰদৰ্শীতাৰ বাবে হোলাবোৰত বেদখল হ’বলৈ ধৰিছে ৷ অবৈধভাৱে গঢ় লৈ উঠিছে অট্টালিকা ৷

আবাসিক আৰু ব্যৱসায়িক গৃহ, কেইবামহলীয়া অট্টালিকা আদি গঢ়ি উঠিছে যদিও পানী যাব পৰাকৈ সুচল নলাৰ ব্যৱস্থা নকৰাত এজাক বৰষুণতেই তেজপুৰ এতিয়া পানীৰে উপচি পৰে ৷

ঠায়ে ঠায়ে আঠ ফুটৰ পৰা ১৬ ফুট পৰ্যন্ত নলাৰ ব্যৱস্থা আছে যদিও কোনো কোনো ঠাইত সেই নলা দুই ফুটলৈ হ্ৰাস পাইছে ৷ সুপৰিকল্পিত মাষ্টাৰ ড্ৰেইন নহ’লে আগন্তুক দিনত তেজপুৰ চহৰ জীৱন নিবাৰ্হৰ অনুপযোগী হৈ পৰাটো সাম্প্ৰতিক সময়ত নিশ্চিত হৈ পৰিছে ৷

তোমাৰ চহৰৰ পৰা(Sonitpur)

শেহতীয়া বাতৰি