তেজপুৰৰ মিচন চাৰিআলিৰ পৰা বাছত উঠিবলৈ গ'লে এতিয়া চিন্তাত পৰিব লাগিব যাত্ৰী ৷ বাছত উঠিবলৈ হ'লে এতিয়া খচকিব লাগিব পানী, ভৰি দিব লাগিব বোকাত ৷
তেজপুৰৰ পৰা মঙলদৈ হৈ গুৱাহাটী, নগাঁও হৈ গুৱাহাটী আৰু লখিমপুৰলৈ যোৱাৰ কেন্দ্ৰস্থল হ'ল মিচন চাৰিআলি ৷ কিন্তু উক্ত স্থানৰ বাছ আস্থানত এতিয়া কেৱল বোকা আৰু পানী।
এজাক কিনকিনিয়া বৰষুণতে পানীৰে উপচি পৰে ৰাষ্ট্ৰীয় ঘাইপথত থকা পুখুৰীসদৃশ গাঁতসমূহ। সেয়েহে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিতে ৰখাই থোৱা বাছত উঠিবলৈ এতিয়া যাত্ৰীসকলে বহুবাৰ ভাবিবলগীয়া হৈছে।
আনহাতে পৌৰসভাৰ দ্বায়িত্বহীনতাৰ ফলত উক্ত স্থান ভৰি পৰিছে পেলনীয়া সামগ্ৰীৰে ৷ ফলত সৃষ্টি হোৱা দুৰ্গন্ধময় পৰিৱেশত নাকত সোপা দিহে ইপাৰ-সিপাৰ হ'ব পাৰে যাত্ৰীৰ লগতে আন বাটৰুৱাসকল ৷
ইফালে আৰক্ষীৰ যান-বাহন শাখাৰ অমনোযোগিতাও প্ৰকাশ পাইছে উক্ত স্থানত। য'তে-ত'তে বাছ, টেম্পো, ই-ৰিক্সাসমূহ ৰখাই থোৱাৰ ফলত এক বিশৃংখল পৰিৱেশৰো সৃষ্টি হৈছে মিচন চাৰিআলিত।
Published by: Sehnaz Begum
FIRST PUBLISHED : March 31, 2023, 12:28 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।