মুখ্যপৃষ্ঠা »খবৰ »শোণিতপুৰ »এই বৰ্ষত অনিশ্চয়তাৰ মাজত তেজপুৰৰ লিচুৰ বিদেশলৈ ৰপ্তানি

এই বৰ্ষত অনিশ্চয়তাৰ মাজত তেজপুৰৰ লিচুৰ বিদেশলৈ ৰপ্তানি

বিগত বৰ্ষৰ তুলনাত তেজপুৰত এইবাৰ লিচুৰ উৎপাদন কিছু পৰিমানে কম হ'ব ৷ কিয়নো পূৰ্বৰ তুলনাত এইবাৰ কম পৰিমানে লিচুৰ ফুল ফুলা দেখা গৈছে ৷ এই সন্দৰ্ভত শোণিতপুৰ জিলা কৃষি বিষয়াই কয় যে, এয়া এক স্বাভাৱিক প্ৰক্ৰিয়া ৷ এজোপা লিচু গছে প্ৰতিবছৰে সমান পৰিমাণৰ ফল উৎপাদন কৰিব নোৱাৰে ৷

  • Share this:
তেজপুৰ, ২৯ মাৰ্চ: বিদেশতো বিপুল সমাদৰ লাভ কৰা তেজপুৰৰ লিচু এতিয়া ফুলিছে ৷ কম দিনৰ পাচতে হয়তো পুনৰ ৰপ্তানিৰ বাবে সাজু হ'ব ভৌগোলিক স্বীকৃতি লাভ কৰা তেজপুৰৰ লিচু ৷

কিন্তু বিগত বৰ্ষৰ তুলনাত তেজপুৰত এইবাৰ লিচুৰ উৎপাদন কিছু পৰিমানে কম হ'ব ৷ কিয়নো পূৰ্বৰ তুলনাত এইবাৰ কম পৰিমানে লিচুৰ ফুল ফুলা দেখা গৈছে ৷ এই সন্দৰ্ভত শোণিতপুৰ জিলা কৃষি বিষয়াই কয় যে, এয়া এক স্বাভাৱিক প্ৰক্ৰিয়া ৷ এজোপা লিচু গছে প্ৰতিবছৰে সমান পৰিমাণৰ ফল উৎপাদন কৰিব নোৱাৰে ৷

অৱশ্যে লিচুৰ দুই এটা প্ৰজাতিৰ ফুল পূৰ্বৰ দৰেই দেখিবলৈ পোৱা গৈছে বুলি জানিবলৈ দিয়ে জিলা কৃষি বিষয়া পংকজ শইকীয়াই ৷ উল্লেখযোগ্য যে, পূৰ্বৰ দৰে বিদেশলৈ তেজপুৰৰ লিচু এইবাৰ ৰপ্তানি কৰিব পৰা হ'বনে নাই সেয়া এতিয়াও স্পষ্ট হৈ উঠা নাই ৷

এই সন্দৰ্ভত অগ্নিগড় কৃষক উৎপাদক কোম্পানীৰ লগত কৃষি বিভাগে অব্যাহত ৰাখিছে আলোচনা ৷ উল্লেখ্য যে, আগন্তুক সময়ত শোণিতপুৰ জিলা কৃষি বিভাগে লিচুৰ কৃষিভূমি প্ৰায় ২০০ বিঘা সম্প্ৰসাৰণৰ বাবে চিন্তা-চৰ্চা কৰিছে ৷

উল্লেখ্য যে, ২০২২ বৰ্ষত লণ্ডনলৈ ৰপ্তানি হৈছিল ৬৫০ কিল'গ্ৰাম লিচু ৷ ইয়াৰে প্ৰতিটো লিচু ৩৫ৰ পৰা ৪০ টকাকৈ ক্ৰয় কৰা হৈছিল কৃষকৰ পৰা ৷ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ফ্লেগ অফ্ কৰি বিদেশলৈ প্ৰেৰণ কৰিছিল লিচুসমূহ ৷

তোমাৰ চহৰৰ পৰা(Sonitpur)

শেহতীয়া বাতৰি