মুখ্যপৃষ্ঠা »খবৰ »শোণিতপুৰ »Shiksha Setu Axom: শিক্ষা বিষয়াই ঘূৰাই নল'লে টেবলেট : শিক্ষা সেঁতু এপ্লিকেশ্যন ব্যৱহাৰ নকৰাৰ পণ শিক্ষকৰ

Shiksha Setu Axom: শিক্ষা বিষয়াই ঘূৰাই নল'লে টেবলেট : শিক্ষা সেঁতু এপ্লিকেশ্যন ব্যৱহাৰ নকৰাৰ পণ শিক্ষকৰ

Protest by teachers in Narayanpur

Protest by teachers in Narayanpur

নাৰায়ণপুৰ খণ্ড প্ৰাথমিক শিক্ষক সন্মিলনীৰ প্ৰায় দুই শতাধিক শিক্ষক-শিক্ষয়িত্ৰীয়ে চৰকাৰে প্ৰদান কৰা টেবলেট ঘূৰাই দিবলৈ সমবেত হয় খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ত ।  টেবলেটসমূহ ঘূৰাই দিবলৈ গৈ কাৰ্যালয় চৌহদত ধৰ্ণা কাৰ্যসূচীও ৰূপায়ণ কৰে ৷

  • Share this:
তেজপুৰ, ২২ মে': প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকে ঘূৰাই দিবলৈ নিয়া টেবলেটসমূহ নাৰায়ণপুৰত গ্ৰহণ নকৰিলে খণ্ড প্ৰাৰ্থমিক বিষয়াই ৷ সোমবাৰে নাৰায়ণপুৰ খণ্ড প্ৰাথমিক শিক্ষক সন্মিলনীৰ প্ৰায় দুই শতাধিক শিক্ষক-শিক্ষয়িত্ৰীয়ে চৰকাৰে প্ৰদান কৰা টেবলেট ঘূৰাই দিবলৈ সমবেত হয় খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ত । টেবলেটসমূহ ঘূৰাই দিবলৈ গৈ কাৰ্যালয় চৌহদত ধৰ্ণা কাৰ্যসূচীও ৰূপায়ণ কৰে ৷

উল্লেখ্য যে, ৰাজ্যৰ প্ৰাথমিক বিদ্যালয়সমূহত প্ৰধান শিক্ষকৰ পদ সৃষ্টি নকৰাৰ বিৰুদ্ধে ক্ষোভিত হৈ ৩৬ হাজাৰ প্ৰাথমিক বিদ্যালয়ে টেবলেট ঘূৰাই দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷ তদুপৰি প্ৰধান শিক্ষকৰ পদ সৃষ্টি নকৰাৰ পৰ্যন্ত শিক্ষাসেঁতু আঁচনিতো অসহযোগ কৰি আহিছে শিক্ষকসকলে ৷

বিগত বৰ্ষত শিক্ষা বিভাগৰে হোৱা আলোচনাত ৰাজ্যৰ প্ৰাথমিক বিদ্যালয়সমূহত প্ৰধান শিক্ষকৰ পদ সৃষ্টিৰ আশ্বাস দিয়া হৈছিল যদিও চলিত বৰ্ষৰ ২১ মে'ত সময়সীমা উকলি যায় ৷ ইফালে শিক্ষা বিষয়াই টেবলেটসমূহ গ্ৰহণ নকৰিলে যদিও উক্ত টেবলেটসমূহত শিক্ষাসেঁতু এপ্লিকেশ্যন ব্যৱহাৰ কৰিবলৈ বাধ্য নহয় বুলি শিক্ষকসকলে জানিবলৈ দিয়ে ৷

তোমাৰ চহৰৰ পৰা(Sonitpur)

শেহতীয়া বাতৰি