ভাৰতীয় সেনাই আৰম্ভ কৰিব ছুপাৰ ৩০ প্ৰশিক্ষণ ৷ ইয়াৰ দ্বাৰা ৰাজ্যৰ যুৱক-যুৱতীসকলে সশস্ত্ৰ বাহিনীৰ বিষয়া হোৱাৰ সুযোগ লাভ কৰিব ৷
ভাৰতীয় সশস্ত্ৰ বাহিনীত যোগদানৰ বাবে নিৰ্বাচন প্ৰক্ৰিয়াৰ সন্মুখীন হোৱাৰ বাবে সম্ভাব্য বিষয়া অথবা প্ৰাৰ্থীক প্ৰশিক্ষণ দিয়াৰ উদ্দেশ্যে ভাৰতীয় সেনাই অইল ইণ্ডিয়া লিমিটেডৰ সৈতে অংশীদাৰিত্বৰে এই পৰিকল্পনা কৰিছে।
সেই অনুসৰি সেনাই ক্ৰমে এন ডি এ আৰু চিডিএছৰ বাবে একাদশ, দ্বাদশ আৰু স্নাতক শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীক নিৰ্বাচন কৰি প্ৰশিক্ষণৰ ব্যৱস্থা কৰিছে।
প্ৰতিৰক্ষা সেৱাত কমিছনড অফিচাৰ হিচাপে অসমৰ যুৱক-যুৱতীসকলৰ প্ৰতিনিধিত্ব বৃদ্ধিৰ লক্ষ্যৰে এই কাৰ্যসূচী ১৯ মাৰ্চ আৰু ২৬ মাৰ্চত গুৱাহাটীৰ খানাপাৰাত আৰু ২৪ মাৰ্চত মহৰ্ষি বিদ্যা মন্দিৰত অনুষ্ঠিত কৰা হ'ব।
একেদৰে ১৮ মাৰ্চ আৰু ২৫ মাৰ্চত তেজপুৰৰ অসম ভেলী স্কুলতো এই কাৰ্যসূচী গ্ৰহণ কৰা হ’ব। এই আউটৰিচত ৩০ গৰাকী ছাত্ৰ-ছাত্ৰীক চৰ্টলিষ্ট কৰিবলৈ ইন্টাৰেকচন, স্ক্ৰীনিং আৰু মেডিকেল পৰীক্ষাৰ ব্যৱস্থা কৰা হ’ব ৷
ইয়াৰ পিছতে এনডিএ আৰু চিডিএছ পৰীক্ষাৰ লগতে এছএছবিৰ সাক্ষাৎকাৰৰ বাবে প্ৰশিক্ষণ প্ৰদান কৰা হ’ব।
নিৰ্বাচিত ছাত্ৰ-ছাত্ৰীসকলক দেশৰ অন্যতম বিখ্যাত কোচিং ইনষ্টিটিউট জৰ্জিয়ান একাডেমী ফৰ প্ৰফেচনেল ষ্টাডিজত সম্পূৰ্ণ বিনামূলীয়াকৈ প্ৰশিক্ষণ দিব বুলি জানিবলৈ দিয়ে ভাৰতীয় সেনাৰ গুৱাহাটীস্থ প্ৰতিৰক্ষা বিভাগৰ মুখপাত্ৰ লেফটেনেণ্ট কৰ্নেল মহেন্দ্ৰ ৰাৱটে।
Published by: Gautam Barman
FIRST PUBLISHED : March 14, 2023, 12:33 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।