মুখ্যপৃষ্ঠা »খবৰ »শোণিতপুৰ »Lakhimpur : লখিমপুৰৰ টিংকলীৰ আচৰণে চুই যাব আপোনাৰ মন

Lakhimpur : লখিমপুৰৰ টিংকলীৰ আচৰণে চুই যাব আপোনাৰ মন

X
লখিমপুৰৰ //

লখিমপুৰৰ টিংকলীৰ আচৰণে চুই যাব আপোনাৰ মন

প্ৰভুভক্ত কুকুৰক যদি আপুনি কেতিয়াবা কিবা এটা খাবলৈ দিছে, যদি আপুনি আশ্ৰয় দিছে, যদি গাত হাত ফুৰাই মৰম কৰিছে , তেন্তে আজীৱন মনত ৰাখিব কুকুৰে আপোনাক ৷ লগতে থাকিব আপোনাৰ ৷ তাৰ সৰু দেহাটোৰে আপোনাক সহায় কৰাৰো চেষ্টা কৰিব ৷ 

  • Share this:
চাণক্য বৰুৱা, তেজপুৰ: জীৱশ্ৰেষ্ঠৰ কথা সুকীয়া ৷ জীৱশ্ৰেষ্ঠ মানুহে পাহৰি যাব পাৰে কৰি থোৱা উপকাৰৰ কথা ৷ জীৱশ্ৰেষ্ঠ মানুহে কৰিব পাৰে বিশ্বাসঘাতকতা ৷ জীৱশ্ৰেষ্ঠ মানুহে পাহৰি যাব পাৰে মৰম-ভালপোৱা ৷ আনহে নালাগে নিজ পিতৃ-মাতৃকো ঘৰৰ পৰা বাহিৰ কৰি দিব পাৰে জীৱশ্ৰেষ্ঠ মানুহে ৷

কিন্তু কুকুৰ তেনেকুৱা নহয় ৷ অথচ কুকুৰক জীৱশ্ৰেষ্ঠ আখ্যাও দিয়া হোৱা নাই ৷ প্ৰভুভক্ত কুকুৰক যদি আপুনি কেতিয়াবা কিবা এটা খাবলৈ দিছে, যদি আপুনি আশ্ৰয় দিছে, যদি গাত হাত ফুৰাই মৰম কৰিছে , তেন্তে আজীৱন মনত ৰাখিব কুকুৰে আপোনাক ৷ লগতে থাকিব আপোনাৰ ৷ তাৰ সৰু দেহাটোৰে আপোনাক সহায় কৰাৰো চেষ্টা কৰিব ৷ তেনে উদাহৰণ বহু আছে ৷ তাৰে এটা উদাহৰণ এইজনী টিংকলী ৷

এখন মটৰচাইকেলৰ সমানে সমানে দৌৰি আছে টিংকলী ৷ মটৰ চাইকেলখন চলাই আছে টিংকলী নামৰ কুকুৰজনীৰ গৃহস্থই ৷ কুকুৰজনীক আশ্ৰয় দিয়া আৰু ভোক মাৰিবলৈ কিবা এটা খাবলৈ দিয়া লোকজনৰ নাম কুশল শইকীয়া ৷ জ্যেষ্ঠ সাংবাদিক কুশল শইকীয়াৰ টিংকলী নামৰ সাধাৰণ প্ৰজাতিৰ মৰমলগা কুকুৰজনীৰ আচৰণে লখিমপুৰত এতিয়া সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে ৷

কুশল শইকীয়াই বাতৰি সংগ্ৰহৰ বাবে য'লৈকে যায়, সমানে সমানে কুকুৰজনীও যাবলৈ চেষ্টা কৰে ৷ মটৰ চাইকেলৰ সমানে সমানে দৌৰি দৌৰি হয়তো ভাগৰি যায় টিংকলী ৷ কিন্তু উপায় নাই, তাইক মৰম কৰা মানুহজনৰ লগততো থাকিবই লাগিব !

তোমাৰ চহৰৰ পৰা(Sonitpur)

শেহতীয়া বাতৰি