মুখ্যপৃষ্ঠা »খবৰ »শোণিতপুৰ »Assam HSLC Results 2023: দুভৰিৰে খোজ দিব নোৱাৰা লিপিকাই প্ৰৱল মানসিক শক্তিৰে দিলে সাফল্যৰ খোজ

Assam HSLC Results 2023: দুভৰিৰে খোজ দিব নোৱাৰা লিপিকাই প্ৰৱল মানসিক শক্তিৰে দিলে সাফল্যৰ খোজ

Lipika Bora and her success story

Lipika Bora and her success story

ভৱিষ্যত পৰিকল্পনাৰ সন্দৰ্ভত লিপিকাই কয়-  " পৰিকল্পনা বহুত আছে ৷ এনে কিবা এটা কৰিবলৈ বিচাৰোঁ যাতে মোৰ দৰে ল'ৰা-ছোৱালীৰ সুবিধা হয় ।" প্ৰতিযোগিতাৰ পৃথিৱীত ৬৫.৫ নম্বৰেৰে উত্তীৰ্ণ হ'লেও সুখী পিতৃৰ মন্তব্য- " ডিষ্টিংচন পোৱাৰ দৰে লাগিছে ৷ "

  • Share this:
তেজপুৰ, ২২ মে': সফলতাৰ বাবে শাৰীৰিক শক্তিতকৈ মানসিক শক্তিৰহে যে অধিক প্ৰয়োজন সেই কথা সময়ে সময়ে বহুলোকে প্ৰমাণ কৰি আহিছে ৷ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা লিপিকাৰ পিতৃয়ে ক'লে - "প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে যদিও ডিষ্টিংচন পোৱাৰ দৰে লাগিছে ৷ মই অন্ত্যন্ত সুখী ৷"

বিনা মেঘে বজ্ৰপাত পৰাৰ দৰেই সোমবাৰে হঠাৎ ঘোষণা কৰা হ'ল হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল । ফলাফলৰ বাবে উৎসুকতা অনুভৱ কৰিবলৈ সময় নিদিয়াকৈ ছেবাই ঘোষণা কৰা এই ফলাফলত দেখা গ'ল বহু বাধাৰ সন্মুখীন হৈ পৰীক্ষাত অৱতীৰ্ণ হোৱা পৰীক্ষাৰ্থীৰ সফলতা ৷

উদাহৰণ হিচাবে ক'বলৈ বিচাৰিছোঁ নাৰায়ণপুৰৰ লিপিকা বৰাৰ কথা ৷ লিপিকাৰ আছে জন্মগত শাৰীৰিক প্ৰতিবন্ধকতা ৷ এখন হুইল চেয়াৰেই ভৰষা লিপিকা বৰাৰ ৷ বিদ্যালয়লৈ নিজেই যাব নোৱৰা লিপিকাই বিদ্যালয়তো হুইল চেয়াৰতে বহি পাঠ গ্ৰহণ কৰে ৷ প্ৰতিকূল বতৰত বিদ্যালয়লৈ যাবই নোৱাৰে তাই ৷ আনকি হাইস্কুল শিক্ষান্ত পৰীক্ষাতো হুইল চেয়াৰতে বহি অৱতীৰ্ণ হৈছিল লিপিকা বৰা ।

ইয়াতেই পোৱা যায় লিপিকাৰ শৈক্ষিক জীৱন আগবঢ়াই নিয়াত পিতৃ জয়ন্ত বৰা আৰু মাতৃ বৰ্ণালী বৰাৰ কষ্টৰ উমান ৷ গীত গায়ো ভাল পায় লিপিকাই ৷ সোমবাৰে ঘোষণা কৰা ফলাফলত ৬৫.৫ শতাংশ নম্বৰসহ প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা লিপিকাই দুভৰিৰে পৃথিৱীৰ বুকুত খোজ দিব নোৱাৰিলেও মানসিক শক্তিৰে সফলতাৰ দিশত প্ৰথমটো খোজ দিবলৈ সক্ষম হৈছে ৷

ভৱিষ্যৎ পৰিকল্পনাৰ সন্দৰ্ভত লিপিকাই কয়- "পৰিকল্পনা বহুত আছে ৷ এনে কিবা এটা কৰিবলৈ বিচাৰোঁ যাতে মোৰ দৰে ল'ৰা-ছোৱালীৰ সুবিধা হয় ।\" প্ৰতিযোগিতাৰ পৃথিৱীত ৬৫.৫ নম্বৰেৰে উত্তীৰ্ণ হ'লেও সুখী পিতৃৰ মন্তব্য- " ডিষ্টিংচন পোৱাৰ দৰে লাগিছে ৷"

তোমাৰ চহৰৰ পৰা(Sonitpur)

শেহতীয়া বাতৰি