মুখ্যপৃষ্ঠা »খবৰ »Sonitpur »চেক বাউঞ্চ, চলচ্চিত্ৰ বঁটাৰ বিসংগতিৰ পিছতে সাংস্কৃতিক পৰিক্ৰমা বিভাগত ৰদ-বদল

চেক বাউঞ্চ, চলচ্চিত্ৰ বঁটাৰ বিসংগতিৰ পিছতে সাংস্কৃতিক পৰিক্ৰমা বিভাগত ৰদ-বদল

শ্ৰমিক কল্যাণ বিভাগৰ প্ৰধান সচিব বি কল্যাণ চক্ৰৱৰ্তীক অতিৰিক্তভাৱে সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মুখ্য সচিবৰ দায়িত্ব প্ৰদান কৰা হৈছে ৷ ইয়াৰোপৰি বিত্ত, সাংস্কৃতিক পৰিক্ৰমা আৰু বিজ্ঞান-প্ৰযুক্তিবিদ্যা বিভাগৰ সচিব লয়া মাদুৰিক সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ দায়িত্বৰ পৰা অব্যাহতি দিয়া হৈছে ৷ 

  • Share this:
তেজপুৰ, ১৯ মাৰ্চ: ৰাজ্যৰ বিয়াগোম সাংস্কৃতিক সঞ্চালকালয়ে বিশিষ্ট কলা-কুশলীক প্ৰদান কৰা চেক বাউঞ্চ হোৱা ঘটনাৰ চৰ্চা অব্যাহত আছে ৷ লজ্জাজনক ঘটনাটোৱে কেৱল সাধাৰণ জনতা অথবা সাংস্কৃতিক ক্ষেত্ৰখনৰ কলা-কুশলীসকলৰ মাজতে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰা নাই, একপ্ৰকাৰে কঁপনি তুলিছে চৰকাৰখনৰ ভিতৰচ'ৰাতো ৷

এটা চৰকাৰী বিভাগে বিশিষ্ট শিল্পীক দিয়া চেক বাউঞ্চ হোৱা ঘটনাত হস্তক্ষেপ কৰিছে ৰাজ্যপালে ৷ শনিবাৰে ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়াৰ নিৰ্দেশনা অনুসৰি অসম চৰকাৰৰ কৰ্মচাৰী বিভাগে জাৰি কৰা এক নিৰ্দেশ যোগে সাংস্কৃতিক পৰিক্ৰমা বিভাগত অতিৰিক্তভাৱে দুগৰাকীকৈ সচিবক দায়িত্ব অৰ্পণ কৰা হয় ৷

সেই অনুসৰি শ্ৰমিক কল্যাণ বিভাগৰ প্ৰধান সচিব বি কল্যাণ চক্ৰৱৰ্তীক অতিৰিক্তভাৱে সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মুখ্য সচিবৰ দায়িত্ব প্ৰদান কৰা হৈছে ৷ ইয়াৰোপৰি বিত্ত, সাংস্কৃতিক পৰিক্ৰমা আৰু বিজ্ঞান প্ৰযুক্তিবিদ্যা বিভাগৰ সচিব লয়া মাদুৰিক সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ দায়িত্বৰ পৰা অব্যাহতি দিয়া হৈছে ৷

আনহাতে অসম চুক্তি ৰূপায়ণ বিভাগৰ বিশেষ সচিব অশোক বৰ্মনক অতিৰিক্তভাৱে সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ বিশেষ সচিব হিচাপে দায়িত্ব অৰ্পণ কৰা হৈছে ৷

উল্লেখ্য যে ১৩ মাৰ্চত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অষ্টম অসম ৰাজ্যিক চলচ্চিত্ৰ বঁটা প্ৰদান কৰা হৈছিল ৷ অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগে প্ৰদান কৰা এই বঁটা প্ৰদানৰ পিছতে একাধিক বিতৰ্কৰ সূত্ৰপাত হৈছিল ৷ দেখা গৈছিল কেইবাটাও বিসংগতিৰ ৷

তোমাৰ চহৰৰ পৰা(Sonitpur)

শেহতীয়া বাতৰি