চাণক্য বৰুৱা, তেজপুৰ: অৰুণাচল প্ৰদেশলৈ বুলি হেলিকপ্তাৰ যাত্ৰা কৰাটোৱেই যেন এক বিভীষিকা। বিগত বহু সময়ত অৰুণাচল প্ৰদেশৰ বুকুত হেৰাই গৈছে বহু হেলিকপ্তাৰ যাত্ৰী ৷ ৰাজ্যখনৰ ওখ পাহাৰ আৰু অটব্য অৰণ্যৰ বুকুত চূৰ্ণ-বিচূৰ্ণ হৈ সৰি পৰে হেলিকপ্তাৰৰ ভগ্নাৱশেষ। নিথৰ দেহ এটা হৈ উভতি আহে যাত্ৰী ৷
কিন্তু কিয় ? এনে কি ৰহস্য আছে অৰুণাচল প্ৰদেশত যাৰ বাবে প্ৰায়েই দুৰ্ঘটনাগ্ৰস্ত হয় হেলিকপ্তাৰ ? হয়তো কোনেও বিচৰা নাই কাৰণ ৷ তথ্য অনুসৰি বিগত ১৬ মাৰ্চ পৰ্যন্ত প্ৰায় দুটা দশকত পাহাৰীয়া ৰাজ্যখনৰ ভিন্ন প্ৰান্তত মুঠ ১৪ টা বিমান দুৰ্ঘটনা সংঘটিত হৈছে ৷
উক্ত দুৰ্ঘটনা কেইটাত প্ৰাণ হেৰুৱাইছে প্ৰায় ৫০ জন যাত্ৰীয়ে ৷ অৰুণাচল প্ৰদেশৰ কোনো কোনো অঞ্চলত এক চুম্বকীয় শক্তি থকাৰ সন্দেহ প্ৰকাশ কৰা হৈছে ৷ যাৰ বাবে নিৰ্দিষ্ট অঞ্চলকেইটাৰ ওপৰেৰে বিমান পাৰ হৈ যোৱাত বিফল হয় ৷
ইয়াৰোপৰি পাহাৰীয়া ৰাজ্যখনত সঘনাই বতৰ সলনি হোৱাটোও বিমান দুৰ্ঘটনাৰ অন্য এক কাৰণ বুলি ঠাৱৰ কৰা হৈছে ৷ এনেসমূহ ধাৰণাৰ ভিত্তিত নিত্যান্তই এক গৱেষণাৰ প্ৰয়োজন আছে ৷ গৱেষণাৰ জৰিয়তে ৰাজ্যখনত বিমান দুৰ্ঘটনাৰ কাৰণ স্পষ্ট কৰি দুৰ্ঘটনাপ্ৰৱণ এলেকাসমূহ চিনাক্ত কৰাৰ প্ৰয়োজনীয়তা আহি পৰিছে ৷ অন্যথা অনাগত সময়তো হেৰুৱাবলগা হ'ব বহু মানৱসম্পদ ৷
উল্লেখ্য যে, ১৯৯৭ চনত অৰুণাচল প্ৰদেশৰ টাৱাঙৰ পৰা প্ৰায় ৪০ কিঃমিঃ নিলগত এখন বায়ুসেনাৰ হেলিকপ্তাৰ দুৰ্ঘটনাগ্ৰস্ত হৈছিল ৷ ফলত নিহত হৈছিল ভূতপূৰ্ব ৰাজ্যিক প্ৰতিৰক্ষা মন্ত্ৰী এন ভি এন সমুৰ লগতে আন চাৰিজন লোক ৷ য'ত এজন বায়ুসেনাৰ মেজৰ জেনেৰেল আৰ চি নাগপালো নিহত হৈছিল ৷
নিহত আন তিনিজন আছিল হেলিকপ্তাৰখনৰ কৰ্মচাৰী ৷ পৰৱৰ্তী সময়ত ২০০১ চনত ৰাজ্যখনত এখন পৱনহঞ্চ হেলিকপ্তাৰ দুৰ্ঘটনাগ্ৰস্ত হৈ অৰুণাচল প্ৰদেশৰ শিক্ষামন্ত্ৰী ডেৰা নাটুং আৰু পাঁচজন লোক নিহত হয়। ২০০৯ চনত বায়ুসেনাৰ এখন মালবাহী হেলিকপ্তাৰ অৰুণাচলৰ মেচুকাত দুর্ঘটনাগ্ৰস্ত হৈ ১৩ জন লোকৰ মৃত্যু হয়।
ইয়াৰোপৰি ২০১১ চনৰ ১৯ এপ্ৰিলত MI 17 যাত্ৰীবাহী হেলিকপ্তাৰখন গুৱাহাটীৰ পৰা উৰা মাৰি টাৱাং পোৱাৰ পিছতে দুৰ্ঘটনাগ্ৰস্ত হয় ৷ হেলিকপ্তাৰখনত থকা মুঠ ২৩ গৰাকী যাত্ৰীৰ ভিতৰত ১৭ জনেই মৃত্যুক আকোঁৱালি ল'বলগীয়া হয়।
একেটা মাহৰে ২৯ এপ্ৰিলত অৰুণাচল প্ৰদেশৰ ভূতপূৰ্ব মুখ্যমন্ত্ৰী দৰ্জী খাণ্ডুৰ লগতে পাইলটসহ চাৰিজন লোকৰ AS350 B-3 নম্বৰৰ পৱনহঞ্চ হেলিকপ্তাৰখন দুর্ঘটনাগ্ৰস্ত হৈ মৃত্যু হৈছিল ৷
২০২২ বৰ্ষতো অৰুণাচল প্ৰদেশৰ উজনি চিয়াং জিলাত এ এল এইচ ধ্ৰুৱ হেলিকপ্তাৰ দুৰ্ঘটনাগ্ৰস্ত হৈ সামৰিক বাহিনীৰ দুগৰাকী লোকৰ মৃত্য হয় ৷ শেহতীয়াকৈ যোৱা ১৬ মাৰ্চতো ৰাজ্যখনত এখন চিতা হেলিকপ্তাৰ দুৰ্ঘটনাগ্ৰস্ত হৈ দুগৰাকী পাইলটে প্ৰাণ হেৰুৱায় ৷
এইদৰে ইটোৰ পিছত সিটো হেলিকপ্তাৰ দুৰ্ঘটনাই ৰাজ্যখনত বিভীষিকাৰ সৃষ্টি কৰিছে ৷ কি কাৰণত পাহাৰীয়া ৰাজ্যখনত সঘনাই হেলিকপ্তাৰ দুৰ্ঘটনা সংঘটিত হৈ আহিছে তাৰ কোনো স্পষ্ট কাৰণ এই পৰ্যন্ত লাভ নকৰিলেও চুম্বকীয় শক্তি আৰু সঘন পৰিৱৰ্তিত বতৰকেই মূল কাৰণ হিচাপে ধাৰণা কৰা হৈছে ৷
Published by: Sehnaz Begum
FIRST PUBLISHED : March 22, 2023, 14:29 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।