মুখ্যপৃষ্ঠা »খবৰ »শোণিতপুৰ »পৰঠা ফেক্টৰীৰে আনৰ বাবে আদৰ্শ হৈ পৰিছে এসময়ত বহিঃৰাজ্যলৈ কাম বিচাৰি যোৱা দিগন্ত

পৰঠা ফেক্টৰীৰে আনৰ বাবে আদৰ্শ হৈ পৰিছে এসময়ত বহিঃৰাজ্যলৈ কাম বিচাৰি যোৱা দিগন্ত

নিজৰ শ্ৰম আৰু অধ্যৱসায়েৰে এইজন যুৱকে গঢ়ি তুলিছে ক্ষুদ্র উদ্যোগ । খাদ্য প্রস্তুত আৰু পেকেটিঙত নিয়োজিত হৈ পৰা দিগন্ত দাস নামৰ যুৱকজনৰ নাম এতিয়া সকলোৰে মুখে মুখে । গহপুৰৰ দিগন্ত দাস বর্তমান অসমৰ এজন থলুৱা পৰঠা নামৰ সুস্বাদু খাদ্য বিধৰ প্ৰস্তুতকাৰী । 

  • Share this:
তুষাৰ হাজৰিকা, বিশ্বনাথ: অসমত কর্মসংস্থাপন নাপাই জীৱিকাৰ সন্ধানত বহি:ৰাজ্যলৈ যাবলৈ বাধ্য হোৱা এজন যুৱকৰ সফলতাৰ কাহিনী এতিয়া বহুজনৰ বাবে অনুপ্ৰেৰণা হৈ পৰিছে। কাম বিচাৰি বাংগালুৰুলৈ গৈ হোটেলৰ শ্ৰমিক কিম্বা পেইণ্টাৰ হৈ কোনোমতে নিজৰ ভাত মুঠি মোকলাবলৈ সক্ষম হোৱা এই যুৱকজন এতিয়া চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে।

নিজৰ শ্ৰম আৰু অধ্যৱসায়েৰে এইজন যুৱকে গঢ়ি তুলিছে ক্ষুদ্র উদ্যোগ। খাদ্য প্রস্তুত আৰু পেকেটিঙত নিয়োজিত হৈ পৰা দিগন্ত দাস নামৰ যুৱকজনৰ নাম এতিয়া সকলোৰে মুখেমুখে। গহপুৰৰ দিগন্ত দাস বর্তমান অসমৰ এজন থলুৱা পৰঠা নামৰ সুস্বাদু খাদ্য বিধৰ প্ৰস্তুতকৰ্তা। পিতৃ-মাতৃৰ লগতে পৰিয়ালৰ একমাত্ৰ উপাৰ্জনকাৰী দিগন্ত ২০১২ চনত কামৰ সন্ধানত ওলাই গৈছিল বাংগালুৰুলৈ।

হোটেলত শ্রমিক, পেইণ্টিং আদি বিভিন্ন কামত নিয়োজিত হৈ এইবাৰ দিগন্তৰ লগ লাগে তিনিচুকীয়াৰ সুৰিয়া থাপা নামৰ যুৱকজনৰ। সুৰিয়া আৰু দিগন্তই বাংগালুৰুত পৰঠা ফেক্টৰী এটাত প্ৰথমে শ্রমিক হিচাপে কামত নিয়োজিত হয় আৰু পিছত দুয়ো পৰঠা প্ৰস্তুতকৰণৰ প্ৰশিক্ষণ গ্ৰহণ কৰে। ইয়াৰ পিছত দুয়ো অন্ধ্ৰপ্ৰদেশলৈ আহি এটা কোঠা ভাড়ালৈ লৈ আৰম্ভ কৰে পৰঠা ফেক্টৰীৰ। কিন্তু অভিশপ্ত লকডাউনৰ বাবে ৬ মাহ ফেক্টৰী চলাই ঘৰলৈ উভতি আহিবলৈ বাধ্য হয় দিগন্ত। ঘৰত আহি উপাৰ্জনৰ একো পথ নথকাত হাহাকাৰ অৱস্থাৰ সৃষ্টি হয়।

কিবা কৰিবলৈও মুলধনৰ অভাৱ। এনে সময়তে পৰঠা ফেক্টৰীৰ লগত জড়িত ওদালগুৰিৰ ফইজুল হক নামৰ যুৱকজনক যোগাযোগ কৰে দিগন্তই আৰু ফইজুলৰ সহযোগত দিগন্তই বিশ্বনাথৰ পানীভড়ালত ৬ মাহ পূৰ্বে পৰঠা প্ৰস্তুতৰ ফেক্টৰী আৰম্ভ কৰে। ইতিমধ্যে দিগন্তৰ ফেক্টৰিত প্ৰস্তুত কৰা পৰঠা তেজপুৰৰ পৰা তিনিচুকীয়া, ডিব্ৰুগড়, চিলাপথাৰ, ধেমাজি লখিমপুৰ, ইটানগৰ আদিলৈ প্ৰেৰণ কৰা হয়। দিগন্তৰ ডেইলী ফ্ৰেছ ফুড নামৰ পৰঠাবিধ এই অঞ্চলসমূহত খুব জনপ্রিয়। দৈনিক ১৫০০ টাকৈ পেকেট প্রস্তুত হয় দিগন্তৰ ফেক্টৰীত।

৫ টা পৰঠাৰ এটা পেকেটত ৬০ টকা আৰু ১০ টা পৰঠা থকা পেকেটত ১০০ টকা। এসময়ত হোটেলত শ্ৰম কৰা দিগন্তই এতিয়া ১৮ জন নিবনুৱাক এই ফেক্টৰীত সংস্হাপন দিবলৈ সক্ষম হৈছে। তাৎপৰ্যপূৰ্ণ যে এটা পৰঠা ফেক্টৰী খুলিবলৈ ১০ লক্ষাধিক টকাৰ প্ৰয়োজন যদিও সৰুকৈ এই উদ্যোগ আৰম্ভ কৰা দিগন্তই বৰ্তমান চৰকাৰৰ পৰা কোনো সুবিধা পোৱা নাই। কাম বিচাৰি বহিঃৰাজ্যলৈ ঢাপলি মেলা বহু যুৱকৰ বাবে দিগন্ত এতিয়া হৈ পৰিছে আদৰ্শস্বৰূপ।

তোমাৰ চহৰৰ পৰা(Sonitpur)

শেহতীয়া বাতৰি