মুখ্যপৃষ্ঠা »খবৰ »শোণিতপুৰ »তেজপুৰত উন্মোচিত হ'ল ব্যতিক্ৰমী কবিতাপুথি যুগে যুগে অৱতাৰ

তেজপুৰত উন্মোচিত হ'ল ব্যতিক্ৰমী কবিতাপুথি যুগে যুগে অৱতাৰ

তেজপুৰত উন্মোচিত হ'ল ব্যতিক্ৰমী কবিতাপুথি যুগে যুগে অৱতাৰ

তেজপুৰত উন্মোচিত হ'ল ব্যতিক্ৰমী কবিতাপুথি যুগে যুগে অৱতাৰ

সত্ৰীয়া সংস্কৃতিৰ লগতে লোক সংস্কৃতিৰ সাধক দুৰ্লভ বৰাই লিখি উলিয়ায় ৩৫ টা ব্যতিক্ৰমী কবিতা সম্বলিত পুথিখন ৷ তেজপুৰৰ ড° যতীন বৰুৱাই প্ৰকাশ কৰি উলিয়াইছে এই গ্ৰন্থখন ৷ 

  • Share this:
তেজপুৰ, ২৭ মাৰ্চ: সোমবাৰে উন্মোচন কৰা হয় "যুগে যুগে অৱতাৰ" শীৰ্ষক এখনি ব্যতিক্ৰমী কবিতা পুথি ৷ তেজপুৰস্থিত শোণিতপুৰ জাৰ্নেলিষ্ট ইউনিয়নৰ কাৰ্যালয়ত উন্মোচন কৰা হয় কবিতা পুথিখন ৷

সত্ৰীয়া সংস্কৃতিৰ লগতে লোক সংস্কৃতিৰ সাধক দুৰ্লভ বৰাই লিখি উলিয়ায় ৩৫ টা ব্যতিক্ৰমী কবিতা সম্বলিত পুথিখন ৷ তেজপুৰৰ ড° যতীন বৰুৱাই প্ৰকাশ কৰি উলিয়াইছে এই গ্ৰন্থখন ৷

শোণিতপুৰ জাৰ্নেলিষ্ট ইউনিয়নৰ কাৰ্যালয়ত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত কবিতা পুথিখন উন্মোচন কৰে দৰং মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক গহন মহন্তই ৷ শোণিতপুৰ জাৰ্নেলিষ্ট ইউনিয়নৰ সভাপতি সঞ্জীৱ হাজৰিকাৰ সভাপতিত্বত অনুষ্ঠিত গ্ৰন্থ উন্মোচনী সভাখনত উপস্থিত থাকে বালিসত্ৰৰ সত্ৰাধিকাৰিণী পুণ্যদা গোস্বামীৰ লগতে অচ্যুৎ শইকীয়া আৰু ভৱেন বৰা ৷

উল্লেখ্য যে যুগে যুগে অৱতাৰ শীৰ্ষক কবিতা পুথিখনৰ লেখক দুৰ্লভ বৰাই যুৱ অৱস্থাৰ পৰাই কাব্যচৰ্চা কৰি আহিছিল যদিও অসুবিধাবশতঃ পুথিৰ আকাৰত কবিতাসমূহ প্ৰকাশ কৰিব পৰা নাছিল ৷ শেহতীয়াকৈ বহুকেইগৰাকী শুভাকাংক্ষীয়ে যোগোৱা উৎসাহৰ ফলত সোমবাৰে ৩৫ টা কবিতাৰে গ্ৰন্থখন উন্মোচন কৰিবলৈ সক্ষম হয়।

তোমাৰ চহৰৰ পৰা(Sonitpur)

শেহতীয়া বাতৰি