মুখ্যপৃষ্ঠা »খবৰ »Sonitpur »Natsamrat Award: দয়াল কৃষ্ণ নাথক নটসম্ৰাট বঁটা-২০২৩ প্ৰদান

Natsamrat Award: দয়াল কৃষ্ণ নাথক নটসম্ৰাট বঁটা-২০২৩ প্ৰদান

X
দয়াল //

দয়াল কৃষ্ণ নাথক নটসম্ৰাট বঁটা-২০২৩ প্ৰদান

অভিনৱ থিয়েটাৰৰ পৰিচালক দয়াল কৃষ্ণ নাথক প্ৰদান কৰা হ'ল নট সম্ৰাট বঁটা-২০২৩ ৷ ১২ মাৰ্চত দিল্লীৰ ভাই বীৰ সিং পথৰ গোল মাৰ্কেটৰ মুক্তধাৰা প্ৰেক্ষাগৃহত  অনুষ্ঠিত নট সম্ৰাট নাট্য উৎসৱত এই  ৰাষ্ট্ৰীয়  বটাঁ প্ৰদান কৰা হয় সংস্কৃতিৰ সাধকগৰাকীক।

  • Share this:
তেজপুৰ, ১৬ মাৰ্চ: নাটকৰ বাবেই অৰঙে-দৰঙে ঘূৰি ফুৰাএজন লোক। সংস্কৃতিৰ সাধনাই যাৰ জীৱনৰ ব্ৰত। গৃহ চহৰৰ পৰা দেশৰ ভিন্ন কোণলৈকে লোকজনে পৰিৱেশন কৰি আহিছে ইখনৰ পাচত সিখন নাটক, বলিষ্ঠ অভিনয়েৰে মুহিছে দৰ্শকৰ মন ৷

এই বিশেষ লোকজনৰ নাম দয়াল কৃষ্ণ নাথ ৷ লখিমপুৰৰ ফুলবাৰীৰ দয়াল কৃষ্ণ নাথ ৷ অভিনৱ থিয়েটাৰৰ পৰিচালক দয়াল কৃষ্ণ নাথক এইবাৰ প্ৰদান কৰা হ'ল নটসম্ৰাট সন্মান ৷

দিল্লীৰ নটসম্ৰাট নাট্য গোষ্ঠীয়ে নাথক প্ৰদান কৰে এই ৰাষ্ট্ৰীয় বঁটা ৷ ১২ মাৰ্চত দিল্লীৰ ভাই বীৰ সিং পথৰ গোল মাৰ্কেটৰ মুক্তধাৰা প্ৰেক্ষাগৃহত অনুষ্ঠিত নট সম্ৰাট নাট্য উৎসৱত এই ৰাষ্ট্ৰীয় বঁটা প্ৰদান কৰা হয় সংস্কৃতিৰ সাধকগৰাকীক।

প্ৰাক্তন সাংসদ তথা ইয়চ গ্ৰুপৰ সঞ্চালক আৰ কে সিনহা আৰু প্ৰসিদ্ধ হিন্দী সাহিত্যিক সুৰেন্দ্ৰ বাৰ্মাই এই বঁটা প্ৰদান কৰে শিল্পীগৰাকীক ৷ ইতিমধ্যে ৰাষ্ট্ৰীয় পর্যায়ৰ বহুকেইটা সন্মান লাভ কৰিবলৈ সক্ষম হোৱা দয়াল কৃষ্ণ নাথে সচেতন ধাৰাৰ নাটকেৰে সমগ্ৰ ভাৰততে সুখ্যাতি অর্জন কৰিবলৈ সক্ষম হৈছে।

যাৰ বাবে এই বছৰৰ নটসম্ৰাট বেষ্ট থিয়েটাৰ প্ৰমোটাৰ এৱাৰ্ড প্ৰদান কৰা হয় দয়াল কৃষ্ণ নাথক। উল্লেখযোগ্য যে, দয়াল কৃষ্ণ নাথ ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰণালয়ৰ গ্ৰান্ট কমিটিৰ সদস্য তথা ভাৰত চৰকাৰৰ ফিল্ম চেঞ্চৰ বৰ্ডৰ এজন সন্মানীয় সদস্য।

ইতিমধ্যে যোৱা ১৬ ফেব্ৰুৱাৰীত পশ্চিম বংগৰ গোৱৰডাংগাৰ চিত্ৰপট নাট্য গোষ্ঠীয়েও নাথক 'কানাইলাল চৌধুৰী স্মৃতি ৰাষ্ট্ৰীয় বঁটা' প্ৰদান প্ৰদান কৰিছিল ৷

তোমাৰ চহৰৰ পৰা(Sonitpur)

শেহতীয়া বাতৰি