মুখ্যপৃষ্ঠা »খবৰ »Sonitpur »Arunachal Pradesh: অৰুণাচলত আত্মসমৰ্পণ কৰি মূলসুঁতিলৈ ঘূৰি আহিল ১৫ নগা উগ্ৰপন্থী

Arunachal Pradesh: অৰুণাচলত আত্মসমৰ্পণ কৰি মূলসুঁতিলৈ ঘূৰি আহিল ১৫ নগা উগ্ৰপন্থী

অৰুণাচলত আত্মসমৰ্পণ কৰি মূলসুঁতিলৈ ঘূৰি আহিল ১৫ নগা উগ্ৰপন্থী

অৰুণাচলত আত্মসমৰ্পণ কৰি মূলসুঁতিলৈ ঘূৰি আহিল ১৫ নগা উগ্ৰপন্থী

অৰুণাচলত আত্মসমৰ্পণ কৰি মূলসুঁতিলৈ ঘূৰি আহিল ১৫ নগা উগ্ৰপন্থী ৷ ইটানগৰস্থিত অৰুণাচল আৰক্ষীৰ মুখ্য কাৰ্যালয়ত মুখ্যমন্ত্ৰী পেমা খাণ্ডুৰ লগতে অসম ৰাইফলচ(উত্তৰ) মহা-পৰিদৰ্শক মেজৰ জেনেৰেল বিকাশ লখেৰাৰ উপস্থিতিত আত্মসমৰ্পণ কৰে উগ্ৰপন্থী কেইজনে ৷

  • Share this:
তেজপুৰ, ১২ মাৰ্চ: দেওবাৰে অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ উপস্থিতিত আত্মসমৰ্পণ কৰিলে ১৫ জনকৈ নগা উগ্ৰপন্থীয়ে । ৰাজ্যখনৰ ৰাজধানীত অনুষ্ঠিত হয় এই বিশাল আত্মসমৰ্পণৰ কাৰ্যসূচী ।

ইটানগৰস্থিত অৰুণাচল আৰক্ষীৰ মুখ্য কাৰ্যালয়ত মুখ্যমন্ত্ৰী পেমা খাণ্ডুৰ লগতে অসম ৰাইফলচ(উত্তৰ) মহা-পৰিদৰ্শক মেজৰ জেনেৰেল বিকাশ লখেৰাৰ উপস্থিতিত এই আত্মসমৰ্পণ অনুষ্ঠানত বিদ্ৰোহী সংগঠনটোৰ সদস্যকেইগৰাকীয়ে বিভিন্ন অস্ত্ৰ-শস্ত্ৰ জমা দিয়ে ।

অস্ত্ৰ সম্বৰণ কৰা বিদ্ৰোহীসকলৰ সংস্থাপনৰ ব্যৱস্থা চৰকাৰে কৰিব বুলি জানিব পৰা গৈছে ৷ উল্লেখযোগ্য যে যোৱা ফেব্ৰুৱাৰী মাহত অৰুণাচল প্ৰদেশৰ চাংলাং জিলাত অসম ৰাইফলছ আৰু অৰুণাচল প্ৰদেশৰ আৰক্ষীয়ে নগা উগ্ৰপন্থীৰ এটা শিবিৰ ধ্বংস কৰাৰ লগতে বহুতো অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ কৰিছিল । আৰক্ষীয়ে শিবিৰটোত অগ্নি সংযোগো কৰিছিল ।

তোমাৰ চহৰৰ পৰা(Sonitpur)

শেহতীয়া বাতৰি