মুখ্যপৃষ্ঠা »খবৰ »Sonitpur »তেজপুৰত বানত আৱদ্ধ বহু লোক; প্ৰশাসনৰ তৎপৰতাত উদ্ধাৰ ২০ গৰাকী

তেজপুৰত বানত আৱদ্ধ বহু লোক; প্ৰশাসনৰ তৎপৰতাত উদ্ধাৰ ২০ গৰাকী

X
উদ্ধাৰকাৰী //

উদ্ধাৰকাৰী দল দুটাই তৎপৰতাতে লোক ৭ জনক উদ্ধাৰ কৰি প্ৰাথমিক চিকিৎসা প্ৰদান কৰাৰ পাচতে তেজপুৰস্থিত কনকলতা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। আনহাতে আৱদ্ধ হৈ পৰা আন ১৩ গৰাকী লোকক অস্থায়ী শিৱিৰলৈ প্ৰেৰণ কৰা হয় ৷

উদ্ধাৰকাৰী দল দুটাই তৎপৰতাতে লোক ৭ জনক উদ্ধাৰ কৰি প্ৰাথমিক চিকিৎসা প্ৰদান কৰাৰ পাচতে তেজপুৰস্থিত কনকলতা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। আনহাতে আৱদ্ধ হৈ পৰা আন ১৩ গৰাকী লোকক অস্থায়ী শিৱিৰলৈ প্ৰেৰণ কৰা হয় ৷

  • Share this:
তেজপুৰ, ১৮ মাৰ্চ: তেজপুৰৰ কলিবাৰী চুকত মথাউৰি ভাগি পানীত আৱদ্ধ হৈ পৰিছে বহু লোক ৷ ইয়াৰে ১৩ গৰাকীকৈ লোক নিৰাপদ স্থানত অৱস্থান কৰিবলৈ সক্ষম হয় যদিও পানীত ডুব যায় ৭ গৰাকীকৈ লোক।

তেজপুৰ ৰাজহ চক্ৰ বিষয়াই তাৎক্ষণিকভাৱে জনোৱাৰ পাছতে উক্ত স্থানত উপস্থিত হয় দুৰ্যোগ SDRF আৰু NDRFৰ দুটা দল ৷ উদ্ধাৰকাৰী দল দুটাই তৎপৰতাতে লোক ৭ জনক উদ্ধাৰ কৰি প্ৰাথমিক চিকিৎসা প্ৰদান কৰাৰ পাচতে তেজপুৰস্থিত কনকলতা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷

আনহাতে আৱদ্ধ হৈ পৰা আন ১৩ গৰাকী লোকক অস্থায়ী শিৱিৰলৈ প্ৰেৰণ কৰা হয় ৷ দৰাচলতে, এয়া কোনো সত্য ঘটনা নহয় ৷ যিকোনো সম্ভাব্য দুৰ্যোগৰ সময়ত দুৰ্যোগ প্ৰশমন বিভাগৰ লগতে আন বিভাগসমূহে গ্ৰহণ কৰিবলগীয়া ব্যৱস্থাৰ অনুশীলনহে কৰা হয় তেজপুৰত।

উক্ত ম'কড্ৰিলত শোণিতপুৰ জিলাৰ দুৰ্যোগ প্ৰশমন বিভাগৰ লগতে প্ৰায়কেইটা বিভাগে অংশগ্ৰহণ কৰে ৷ শোণিপুৰ জিলাৰ উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰ,তেজপুৰ সদৰ ৰাজহচক্ৰ বিষয়াৰ লগতে আন বহুকেইজন বিষয়া উপস্থিত থাকে উক্ত কাৰ্যসূচীত ৷

তোমাৰ চহৰৰ পৰা(Sonitpur)

শেহতীয়া বাতৰি