মুখ্যপৃষ্ঠা »খবৰ »শোণিতপুৰ »গজৰাজ কৰ্পছৰ কমাণ্ডৰ দায়িত্ব গ্ৰহণ কৰিলে লেফটেনেণ্ট জেনেৰেল মনীষ এৰীয়ে

গজৰাজ কৰ্পছৰ কমাণ্ডৰ দায়িত্ব গ্ৰহণ কৰিলে লেফটেনেণ্ট জেনেৰেল মনীষ এৰীয়ে

গজৰাজ কৰ্পছৰ কমাণ্ডাৰৰ দায়িত্ব গ্ৰহণ কৰিলে লেফটেনেণ্ট জেনেৰেল মনীষ এৰীয়ে ৷ পূৰ্বৰ লেফটেনেণ্ট জেনেৰেল ডি এছ ৰানাৰ পৰা শুকুৰবাৰে দায়িত্বভাৰ গ্ৰহণ কৰে মনীষ এৰীয়ে ৷

  • Share this:
তেজপুৰ ৩১ মাৰ্চ: ভাৰতীয় সেনাৰ তেজপুৰস্থিত গজৰাজ কৰ্পছৰ কমাণ্ডাৰৰ দ্বায়িত্ব গ্ৰহণ কৰিলে লেফটেনেণ্ট জেনেৰেল মনীষ এৰীয়ে ৷ পূৰ্বৰ লেফটেনেণ্ট জেনেৰেল ডি এছ ৰানাৰ পৰা শুকুৰবাৰে দায়িত্বভাৰ গ্ৰহণ কৰে মনীষ এৰীয়ে ৷

উল্লেখ্য যে লেফটেনেণ্ট জেনেৰেল মনীষ এৰীয়ে ১৯৮৮ চনত জম্মু আৰু কাশ্মীৰ লাইট ইনফেণ্ট্ৰীৰ কমিছনাৰ হিচাবে নিযুক্তি লাভ কৰি নতুন দিল্লীৰ ৰাজহুৱা প্ৰশাসনৰ দায়িত্বত আছিল । সেনাৰ বিষয়াগৰাকীয়ে পূৰ্বতে মাউণ্টেন ষ্ট্ৰাইক কৰ্পছৰ এটা ব্ৰিগেড আৰু ছিকিমত এটা ডিভিজনৰ কমাণ্ডকে ধৰি ইষ্টাৰ্ণ থিয়েটাৰত তেওঁ বিভিন্ন ধৰণৰ কমাণ্ড আৰু ষ্টাফ হিচাবে দায়িত্ব গ্ৰহণ কৰি আহিছে ৷

গজৰাজ কৰ্পছৰ কমাণ্ডৰ দায়িত্ব গ্ৰহণ কৰাৰ পূৰ্বে তেওঁ জয়পুৰত দক্ষিণ পশ্চিম কমাণ্ডৰ মুখ্য সেনাধ্যক্ষ আছিল । কমাণ্ড এণ্ড ষ্টাফ এচাইনমেণ্ট দুয়োটা ক্ষেত্ৰতে তেওঁৰ অৱদানৰ স্বীকৃতি হিচাবে বিশিষ্ট সেৱা পদক, সেনা পদক আৰু মুখ্য সেনাবাহিনীৰ প্ৰশংসা পত্ৰ লাভ কৰে মনীষ এৰীয়ে ৷ উল্লেখ্য যে, গজৰাজ কৰ্পছে উত্তৰ-পূব সীমান্তৰ লগতে কামেং খণ্ডত গুৰুত্বপূৰ্ণ দায়িত্ব গ্ৰহণ কৰে ৷

তোমাৰ চহৰৰ পৰা(Sonitpur)

শেহতীয়া বাতৰি