সাংস্কৃতিক জগতলৈ হয়তো খুউব সোনকালেই তেজপুৰে আন এটি অৱদান আগবঢ়াব ৷ সাংস্কৃতিক নগৰীখনৰ এজন ছাত্ৰৰ কণ্ঠত মুগ্ধ হ'ব প্ৰতিগৰাকী সংগীতপ্ৰেমী ৷
কোনোধৰণৰ আনুষ্ঠানিক শিক্ষা গ্ৰহণ নকৰাকৈ শুনি শুনিয়েই সংগীতৰ চৰ্চা কৰি থকা এজন কমবয়সীয়া যুৱক হ'ল প্ৰান্তিক কৃষ্ণণ দাস ৷ প্ৰান্তিক এইবাৰ উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছে ৷
প্ৰান্তিক কৃষ্ণণৰ আছে অনন্য কণ্ঠ ৷ প্ৰান্তিকৰ কণ্ঠত গীত শুনা প্ৰতিগৰাকী লোকেই এক প্ৰকাৰে উদীয়মান শিল্পীগৰাকীৰ অনুৰাগী হৈ পৰিছে ৷ এই পৰ্যন্ত প্ৰান্তিকৰ কণ্ঠত কোনো গীত বাণীবদ্ধ কৰা নাই যদিও তেজপুৰৰ বিভিন্ন মঞ্চত গীত পৰিৱেশন কৰি শ্ৰোতাক মুগ্ধ কৰি আহিছে ৷
অসমীয়া আৰু হিন্দী দুয়োটা ভাষাৰে গীতে প্ৰাণ পাই উঠে প্ৰান্তিকৰ কণ্ঠত ৷ সৰুৰে পৰা জুবিন গাৰ্গৰ গীত শুনি শুনি গীত গাবলৈ চেষ্টা কৰা প্ৰান্তিকে নিউজ-১৮ লোকেলৰ সন্মুখত গাই শুনালে ইটোৰ পাচত সিটো জনপ্ৰিয় গীত ৷
গীতৰ উপৰিও প্ৰান্তিকে ঢোলৰ লগতে বহুকেইটা বাদ্যযন্ত্ৰও পৰিৱেশন কৰে ৷ প্ৰান্তিক কৃষ্ণণ দাসে জানিবলৈ দিয়া অনুসৰি সোনকালেই এটি গীত বাণীবদ্ধ কৰি আনুষ্ঠানিকভাৱে সংগীত জগতত প্ৰৱেশ কৰিব ৷
Published by: Sehnaz Begum
FIRST PUBLISHED : March 30, 2023, 13:55 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।