মুখ্যপৃষ্ঠা »খবৰ »শোণিতপুৰ »Lakhimpur News: হাজাৰ ধুমুহাৰে যুঁজিও ভাগৰি পৰা নাই নাৰায়ণপুৰৰ মুনু গগৈ

Lakhimpur News: হাজাৰ ধুমুহাৰে যুঁজিও ভাগৰি পৰা নাই নাৰায়ণপুৰৰ মুনু গগৈ

X
হাজাৰ //

হাজাৰ ধুমুহাৰে যুঁজিও ভাগৰি পৰা নাই নাৰায়ণপুৰৰ মুনু গগৈ

এটা সাধাৰণ জুপুৰিত ৰুগীয়া মাতৃৰ সৈতে দিন অতিবাহিত কৰি আহিছে কষ্ট কৰিব পৰা মুনু গগৈয়ে । ৰুগীয়া মাতৃৰ লগতে নিজৰ খৰচৰ বাবে মুনু গগৈয়ে অসম-অৰুণাচল সীমান্তৰ দোৰপাং বজাৰত মাংস কটাৰ লগতে এখন সৰু পাচলিৰ দোকান দি আছে ৷

  • Share this:
চাণক্য বৰুৱা, তেজপুৰ: জীৱনৰ জটিলতাই জোঁকাৰি যায় বহুতকে ৷ সেই জটিলতাকো প্ৰত্যাহ্বান জনাই জীৱনটো নিজৰ ধৰণেৰে আগুৱাই নিবলৈ সক্ষম হোৱাটোৱেই হয়তো সফলতা অথবা জীৱনৰ মন্ত্ৰণা ৷ আজি লৈ আনিছোঁ নাৰায়ণপুৰৰ এগৰাকী সাহসী যুৱতীৰ কাহিনী ৷

কাহিনী বুলি ক'লে হয়তো ভুল হ'ব, বাস্তৱৰ ছবি ৷ কঠিন বাস্তৱৰ সৈতে যুঁজি যুঁজি ভাগৰি নপৰা যুৱতীগৰাকীৰ নাম মুনু গগৈ । মুনুৰ মৰ্মবেদনাই অৱশ্যে সাহসো দিব আন বহুতক ৷ নাৰায়ণপুৰৰ মুনু গগৈ এগৰাকী পিতৃহাৰা যুৱতী । মুনুৰ যেতিয়া ৪ বছৰ বয়স হৈছিল, তেতিয়াই মৃত্যু হৈছিল পিতৃৰ ।

ইয়াৰ পাছৰে পৰা এটা সাধাৰণ জুপুৰিত ৰুগীয়া মাতৃৰ সৈতে দিন অতিবাহিত কৰি আহিছে কষ্ট কৰিব পৰা মুনু গগৈয়ে । ৰুগীয়া মাতৃৰ লগতে নিজৰ খৰচৰ বাবে মুনু গগৈয়ে অসম-অৰুণাচল সীমান্তৰ দোৰপাং বজাৰত মাংস কটাৰ লগতে এখন সৰু পাচলিৰ দোকান দি আছে ৷

তাৰ মাজতো বহু লোকে অন্যায় কৰিবলৈ চেষ্টা কৰে মুনুৰ ক্ষেত্ৰত ৷ যি কথা কান্দি কান্দি মুনু গগৈয়ে কৈ গ'ল কেমেৰাৰ সন্মুখত ৷ এই সকলোবোৰ বাধা নেওচি অসহায় যুৱতীগৰাকীয়ে চলাই গৈছে জীয়াই থকাৰ সংগ্ৰাম । মুনু গগৈয়ে বিচাৰিছে- চৰকাৰে কিবা এটা কৰক ৷

তোমাৰ চহৰৰ পৰা(Sonitpur)

শেহতীয়া বাতৰি