মুখ্যপৃষ্ঠা »খবৰ »শোণিতপুৰ »আৰম্ভ হ'ল ভাৰতীয় সেনাৰ পূৰ্বোত্তৰ ভাৰত পৰিক্ৰমাৰ কাৰ ৰেলী

আৰম্ভ হ'ল ভাৰতীয় সেনাৰ পূৰ্বোত্তৰ ভাৰত পৰিক্ৰমাৰ কাৰ ৰেলী

আৰম্ভ হ'ল ভাৰতীয় সেনাৰ পূৰ্বোত্তৰ ভাৰত পৰিক্ৰমাৰ কাৰ ৰেলী

আৰম্ভ হ'ল ভাৰতীয় সেনাৰ পূৰ্বোত্তৰ ভাৰত পৰিক্ৰমাৰ কাৰ ৰেলী

আৰম্ভ হ'ল ভাৰতীয় সেনাৰ পূৰ্বোত্তৰ ভাৰত পৰিক্ৰমাৰ কাৰ ৰেলী ৷ এই কাৰ ৰেলী বুধবাৰে ফ্লেগ অফ্ কৰে ইষ্টাৰ্ণ কামাণ্ডৰ সেনা অধিনায়ক লেফ্টনেণ্ট জেনেৰেল ৰানা প্ৰতাপ কলিতাই ৷ 

  • Share this:
তেজপুৰ, ২২ মাৰ্চ:  উত্তৰ-পূৰ্বাঞ্চলজুৰি ভাৰতীয় সেনাই কৰিব কাৰ ৰেলী ৷ ভাৰতীয় সেনাৰ পূৰ্বোত্তৰ পৰিক্ৰমাৰ কাৰ ৰেলী বুধবাৰে ফ্লেগ অফ্ কৰে ইষ্টাৰ্ন কমাণ্ডৰ সেনা অধিনায়ক লেফটেনেণ্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতাই ৷

কলকাতাৰ ফ'ৰ্ট উইলিয়ামছত কাৰ ৰেলীটোৰ ফ্লেগ অফ কৰা হয় ৷ স্বদেশৰ বাবে প্ৰাণ আহুতি দিয়া শ্বহীদসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনোৱাৰ বাবে শ্বহীদ দিৱসৰ প্ৰাকক্ষণত এই কাৰ ৰেলীৰ আয়োজন কৰা হৈছে ৷

উল্লেখ্য যে ১৯৩১ চনৰ ২৩ মাৰ্চত তিনিগৰাকী স্বাধীনতা সংগ্ৰামী ভগৎ সিং, ৰাজগুৰু আৰু সুখদেৱে ভাৰতৰ স্বাধীনতাৰ বাবে প্ৰাণ আহুতি দিছিল। উত্তৰ-পূৰ্বাঞ্চলৰ কেউখন ৰাজ্য সামৰিবলগীয়া উক্ত ৰেলীয়ে প্ৰায় ৪০০০ কিঃমিঃ অতিক্ৰম কৰিব ৷

ৰেলীত ব্যৱহাৰ কৰা হ'ব ১০ খন বাহন ৷ ২০ দিনজুৰি চলিবলগীয়া উক্ত ৰেলীত অংশগ্ৰহণ কৰিছে ৩৮ গৰাকী সদস্যই ৷ ছিকিমৰ নাথু-লা, অৰুণাচলৰ ছেলা পাছ সুৰংগ আৰু বুম-লা, কোহিমাৰ যুদ্ধ স্মৃতিসৌধৰ লগতে বহু ঐতিহাসিক স্থান স্পৰ্শ কৰিব ভাৰতীয় সেনাৰ পূৰ্বোত্তৰ পৰিক্ৰমাৰ কাৰ ৰেলীয়ে ৷

ৰেলীৰ সময়ত সেনাৰ বীৰত্ব বঁটা বিজয়ী আৰু পৰমবীৰ চক্ৰ প্ৰাপকসকলে বিভিন্ন বিদ্যালয়-মহাবিদ্যালয়ত প্ৰেৰণাদায়ক কাৰ্যসূচীৰ ৰূপায়ণৰো পৰিকল্পনা কৰিছে।

তোমাৰ চহৰৰ পৰা(Sonitpur)

শেহতীয়া বাতৰি