অৰুণাচল প্ৰদেশত পুনৰ দুৰ্ঘটনাগ্ৰস্ত ভাৰতীয় সেনাৰ হেলিকপ্টাৰ । বৃহস্পতিবাৰে পুৱা ৯:১৫ বজাত ভাৰতীয় সেনা বাহিনীৰ এখন হেলিকপ্টাৰ এ টি চিৰ সৈতে যোগাযোগ বিচ্ছিন্ন হৈ দুৰ্ঘটনাগ্ৰস্ত হয় ৷
ভাৰতীয় সেনাৰ প্ৰতিৰক্ষা মুখপাত্ৰ লেঃ কৰ্ণেল মহেন্দ্ৰ ৰাৱাটে জনায় যে বৃহস্পতিবাৰে পুৱা দৈনন্দিন উৰণৰ বাবে সেনাৰ চিটা হেলিকপ্টাৰখন পশ্চিম কামেং জিলাৰ বমডিলাৰ ওচৰৰ মাণ্ডেলাৰ সমীপত সংযোগ বিচ্ছিন্ন হৈ পৰে হেলিকপ্টাৰখনত এজন কৰ্ণেল পৰ্যায়ৰ বিষয়া, ক্ৰু মেম্বাৰ আৰু এজন পাইলট আছিল বুলি জানিব পৰা গৈছে ।
অৰুণাচল প্ৰদেশৰ পশ্চিম কামেং জিলাৰ ডিৰাঙৰ সমীপত হেলিকপ্টাৰখন সংযোগ বিচ্ছিন্ন হোৱাৰ তথ্য পোৱা গৈছে । দুৰ্ঘটনা সংঘটিত হোৱা স্থানলৈ উদ্ধাৰকাৰী দল ৰাওনা হোৱা বুলি জানিব পৰা গৈছে ৷
Published by: Gautam Barman
FIRST PUBLISHED : March 16, 2023, 17:02 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।