তেজপুৰ,২১ মাৰ্চ: আজিকালি প্ৰায়েই যুৱক-যুৱতীসকল ব্যস্ত হৈ থাকে ছ'চিয়েল মিডিয়াত ৷ সেইসমূহ ছ'চিয়েল মিডিয়া প্লেটফৰ্মত প্ৰচাৰ হৈ থকা ম'বাইল গেমৰ লগতে টিভি গেমৰ বিভিন্ন বিজ্ঞাপনৰ প্ৰতি আকৰ্ষিত হৈ পৰা দেখা গৈছে নতুন প্ৰজন্ম ।
সহজে ধন ঘটাৰ প্ৰলোভন দিয়াত ম'বাইল আৰু টিভি গেমৰ প্ৰতি আসক্ত হৈ পৰা দেখা যায় ৷ উক্ত এপ্লিকেশ্যনসমূহ কাৰো উন্নতিৰ বাবে নহয়, বৰঞ্চ যুৱ সমাজক ধ্বংসৰ দিশে আগুৱাই নিয়া বুলি বুলি মত প্ৰকাশ কৰিছে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আৰু অপৰাধ নিয়ন্ত্ৰণ ব্যুৰ', অসমৰ ৰাজ্যিক সভাপতি নিশান্ত থৰ্ডে ।
উক্ত গেমসমূহৰ ব্যাপক পাৰ্শ্বক্ৰিয়া হোৱা বুলি মত পোষণ কৰি এই সন্দৰ্ভত সজাগতা সৃষ্টি নোহোৱা বিষয়টো চিন্তনীয় বুলি সংস্থাৰ ৰাজ্যিক সভাপতিগৰাকীয়ে মত প্ৰকাশ কৰে ।
আনহাতে সহজেই ঋণ লাভৰ বিভিন্ন এপ্লিকেশ্যনৰ জৰিয়তে গ্ৰাহকক ঋণ প্ৰদান কৰা হয় আৰু ইয়াৰ বাবে ম'বাইল ফোনটোত মজুত থকা সকলো তথ্য লাভ কৰে নিৰ্দিষ্ট এপ্লিকেশ্যনটো কৰ্তৃপক্ষই । বহু সময়ত গ্ৰাহকে ঋণ লাভ নকৰে বুলি উল্লেখ কৰি নিশান্ত থৰ্ডে কয় যে অতি কম দিনৰ ভিতৰতে লাভ কৰা ঋণ অত্যাধিক সুদসহ ঘূৰাই দিবলগীয়া হয় ৷
অন্যথা জটিল পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হয় গ্ৰাহকসকল । তথাপিতো এই এপ্লিকেশ্যনসমূহ সাধাৰণ লোকে ব্যৱহাৰ কৰি আহিছে । একেদৰেই চাকৰিৰ লগত জড়িত বহুতো এপ্লিকেশ্যনৰ জৰিয়তে দুষ্টচক্ৰই প্ৰৱঞ্চনা কৰি আহিছে । শেহতীয়াকৈ চাকৰিৰ প্ৰলোভনেৰে তেনে দুষ্টচক্ৰই শিক্ষিত নিবনুৱাক বিপথে পৰিচালিত কৰাৰ তথ্যও পোহৰলৈ আহিছে ।
আনহাতে অনলাইন গেমসমূহত ধনৰ লেনদেন হোৱা দেখা যায় । জুৱাসদৃশ এই খেলসমূহ বেয়া বুলি জানিও যুৱ সমাজ ইয়াৰ বলি হৈ আহিছে । এইসমূহ বিষয় অতি গুৰুত্বসহকাৰে বিবেচনা কৰি শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰাৰ কথা উল্লেখ কৰিছে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আৰু অপৰাধ নিয়ন্ত্ৰণ ব্যুৰ', অসমৰ ৰাজ্যিক সভাপতি নিশান্ত থৰ্ডে ।
সংস্থাৰ ৰাজ্যিক সংবাদ বিষয়া মৃন্ময় কুমাৰ নাথে প্ৰেৰণ কৰা এক বিবৃতিত প্ৰকাশ যে যুৱ প্ৰজন্মক বিপথে পৰিচালিত কৰা এই ব্যৱস্থা ৰোধ কৰাৰ ক্ষেত্ৰত সৰৱ ভূমিকা গ্ৰহণ কৰিব সংস্থাটোৱে । সভাপতিগৰাকীয়ে জানিবলৈ দিয়ে যে অসমৰ বাহিৰেও ভাৰতৰ অন্যান্য ৰাজ্যৰ দলসমূহকো এই সন্দৰ্ভত ব্যৱস্থা গ্ৰহণ কৰিবলৈ জনোৱা হ'ব ।
যুৱ প্ৰজন্মক এই প্ৰৱণতাৰ পৰা ৰক্ষা কৰাৰ ক্ষেত্ৰত ৰাইজৰ সহায়ৰ প্ৰয়োজন বুলি সভাপতিগৰাকীয়ে উল্লেখ কৰে । ইয়াৰ বাবে ৰাজ্যিক, জিলা আৰু ব্লক পৰ্যায়ত সজাগতা সৃষ্টিৰ প্ৰচেষ্টাও চলোৱা হ'ব বুলিও সংস্থাৰ ফালৰ পৰা জানিবলৈ দিয়ে ৷
Published by: Subham Goswami
FIRST PUBLISHED : March 21, 2023, 16:24 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।