মুখ্যপৃষ্ঠা »খবৰ »শোণিতপুৰ »Local Honey Brand: ত্যাগবীৰ হেম বৰুৱা মহাবিদ্যালয়ে বজাৰত মুকলি কৰিলে নিজা ব্ৰেণ্ডৰ মৌ

Local Honey Brand: ত্যাগবীৰ হেম বৰুৱা মহাবিদ্যালয়ে বজাৰত মুকলি কৰিলে নিজা ব্ৰেণ্ডৰ মৌ

Honey production by Tyagbir Hem Baruah College

Honey production by Tyagbir Hem Baruah College

ত্যাগবীৰ হেম বৰুৱা মহাবিদ্যালয়ে শেহতীয়াকৈ ৰচিলে ইতিহাস। মহাবিদ্যালয়খনৰ দ্বাৰা উৎপাদন কৰা চাহ, নেমু, কল আৰু গ্ৰীণ টিৰ পাচত এইবাৰ নিজা ব্ৰেণ্ডৰ মৌ বজাৰত মোকলাই দিছে ৷

  • Share this:
তেজপুৰ, ২৭ মে': উচ্চ শিক্ষাৰ সমান্তৰালকৈ কৃষি আৰু ঔদ্যোগিক ক্ষেত্ৰতো নাম উজ্বলাবলৈ সক্ষম হৈছে শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ ত্যাগবীৰ হেম বৰুৱা মহাবিদ্যালয়ে ৷ অসমৰ উত্তৰ পাৰৰ অন্যতম উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান ত্যাগবীৰ হেম বৰুৱা মহাবিদ্যালয়ে শেহতীয়াকৈ ৰচিলে ইতিহাস।

মহাবিদ্যালয়খনৰ দ্বাৰা উৎপাদন কৰা চাহ, নেমু, কল আৰু গ্ৰীণ টিৰ পাছত ২৬ মে'ত মহাবিদ্যালয়খনৰ চৌহদতে উৎপাদন কৰা নিজা ব্ৰেণ্ডৰ মৌ ২৫০ গ্ৰাম ওজনৰ বটলত পেকেজিং কৰি বজাৰত মোকলাই দিয়ে ৷ উল্লেখ্য যে, ইয়াৰ পূৰ্বে মহাবিদ্যালয়খনৰ সন্মিলন কক্ষত ‘‘মৌ নিষ্কাশন, বিশুদ্ধিকৰণ আৰু পেকেজিঙ’’ৰ সন্দৰ্ভত এখন কৰ্মশালা অনুষ্ঠিত হৈছিল।

কণ্যকা বহুমুখী কৃষি পামৰ সহযোগত অনুষ্ঠিত কৰ্মশালাখনত মহাবিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক-কৰ্মচাৰীসকলে অংশগ্ৰহণ কৰে। ইয়াৰ পিছতে মহাবিদ্যালয়খনৰ অধ্যক্ষ ড° অজিত হাজৰিকাই নতুন ব্ৰেণ্ডৰ মৌ বজাৰলৈ মুকলি কৰে।

তদুপৰি মহাবিদ্যালয়খনে ইতিমধ্যে কৃষি আধাৰিত দক্ষতা আৰু ঔদ্যোগিক বিকাশত ছাত্ৰ-ছাত্ৰীসকলক প্ৰশিক্ষণ প্ৰদান কৰাৰ বাবে সহযোগিতামূলকভাৱে কাম-কাজ কৰাৰ লক্ষ্যৰে কণ্যকাৰ সৈতে বুজাবুজি চুক্তি সম্পন্ন কৰিছে।

নিজা ব্ৰেণ্ডৰ মৌ মুকলি কৰি মহাবিদ্যালয়খনৰ অধ্যক্ষই কয় যে ছাত্ৰ-ছাত্ৰীসকলৰ সুবিধাৰ বাবে কণ্যকাৰ সৈতে কেইবাখনো কৰ্মশালাৰ আয়োজন কৰি গো-পালন, মৌ পালন আদিৰ দৰে বিভিন্ন কৃষিভিত্তিক বৃত্তি সম্পৰ্কে ছাত্ৰ-ছাত্ৰীসকলক অনুপ্ৰেৰণা যোগাই আহিছে।

তেওঁ লগতে আশা প্ৰকাশ কৰে যে এনে পদক্ষেপে শিক্ষাৰ্থীসকলক বিভিন্ন কৃষিভিত্তিক ব্যৱসায়ৰ সৈতে জড়িত হোৱা ক্ষেত্ৰত উৎসাহিত কৰিব।

অনুষ্ঠানৰ অন্তত মহাবিদ্যালয়খনৰ অধ্যক্ষ ড° অজিত হাজৰিকাই মহাবিদ্যালয়খনৰ ব্ৰেণ্ডত ৫০ লিটাৰ মৌ বজাৰত বিক্ৰীৰ বাবে মুকলি কৰি দিয়াৰ লগতে এই মৌ লাহেলাহে সকলোতে সুলভ হৈ পৰিব বুলি জানিবলৈ দিয়ে।

তোমাৰ চহৰৰ পৰা(Sonitpur)

শেহতীয়া বাতৰি