মুখ্যপৃষ্ঠা »খবৰ »Sonitpur »Holi in Tezpur: ঊষানগৰী তেজপুৰৰ বিভিন্ন ধৰ্মীয় স্থানত দৌল উৎসৱ উদযাপন

Holi in Tezpur: ঊষানগৰী তেজপুৰৰ বিভিন্ন ধৰ্মীয় স্থানত দৌল উৎসৱ উদযাপন

তেজপুৰৰ বিভিন্ন ধৰ্মীয় স্থানত দৌল উৎসৱ উদযাপন

তেজপুৰৰ বিভিন্ন ধৰ্মীয় স্থানত দৌল উৎসৱ উদযাপন

ৰাজ্যৰ বিভিন্ন মঠ-মন্দিৰ, থান, সত্ৰ, নামঘৰৰ লগতে ঊষা-অনিৰুদ্ধৰ অমৰ প্ৰেমকথাৰ দেশ তেজপুৰতো মঙলবাৰে উদযাপন কৰা হৈছে ৰঙৰ উৎসৱ দৌল অথবা ফাকুৱা ৷ 

  • Share this:
তেজপুৰ,৭ মাৰ্চ : আবিৰৰ ৰঙেৰে ৰঙীন হৈ পৰিছে ঊষানগৰী তেজপুৰ ৷ ৰাজ্যৰ বিভিন্ন মঠ-মন্দিৰ, থান, সত্ৰ, নামঘৰৰ লগতে ঊষা-অনিৰুদ্ধৰ অমৰ প্ৰেমকথাৰ দেশ তেজপুৰতো মঙলবাৰে উদযাপন কৰা হৈছে ৰঙৰ উৎসৱ দৌল অথবা ফাকুৱা ৷

ফাগুন মাহৰ পূৰ্ণিমা তিথি উপলক্ষে উদযাপন কৰা দৌল উৎসৱ শোণিতপুৰ জিলাৰ বিভিন্ন স্থানত উদযাপন কৰা দেখিবলৈ পোৱা গৈছে । তেজপুৰ চহৰৰ সমীপৰ কলীয়া গোঁসাই থানত আজি দৌল উৎসৱৰ প্ৰথম দিনাই ভক্তপ্ৰাণ ৰাইজে ২৫ খন পতাকা উত্তোলনৰে এই দৌল উৎসৱৰ আৰম্ভণি কৰে ।

আজিৰে পৰা শ্ৰীশ্ৰী কলীয়া গোঁসাই থানৰ ২৯ সংখ্যক দৌল উৎসৱৰ লগত সংগতি ৰাখি ৰূপালী জয়ন্তী উদযাপন উপলক্ষে ২৫ জন নামঘৰীয়াই একেলগে ২৫ খন পতাকা উত্তোলন কৰি ৫ দিনীয়া কাৰ্যসূচীৰ শুভাৰম্ভ কৰে । গোঁসাইৰ মূৰত আবিৰৰ ৰং সানে ।

কাইলৈ অৰ্থাৎ বুধবাৰে থানখনৰ গোঁসাইৰ থাপনা লৈ স্থানীয় ৰাইজে শোভাযাত্ৰা কৰি এই ৰঙৰ উৎসৱ উদযাপন কৰিব । লগতে আজিৰে পৰা পাঁচ দিনীয়াকৈ আৰম্ভ হোৱা এই উৎসৱ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে তেজপুৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ড° জ্যোতি কমল হাজৰিকাই ।

হোলী গীতেৰে মুখৰিত হৈ পৰে শ্ৰীশ্ৰী কলীয়া গোঁসাই থানৰ উপৰিও তেজপুৰৰ মাজগাঁও নামঘৰ, তেজপুৰ কামৰূপীয়া সনাতন ধৰ্মীয় নামঘৰৰ লগতে বিভিন্ন ধৰ্মীয় স্থানসমূহ ৷

তোমাৰ চহৰৰ পৰা(Sonitpur)

শেহতীয়া বাতৰি