ব'হাগলৈ মাজত মাত্ৰ কেইটামান দিন ৷ ৰঙালীক আদৰিবলৈ সাজু হৈছে সমগ্ৰ ৰাজ্য ৷ ইতিমধ্যে ৰাজ্যৰ প্ৰতিটো প্ৰান্ত ৰজনজনাইছে ঢোল-পেঁপাৰ মাতত ৷ পূৰ্ণগতিত চলিছে বিহুনৃত্যৰ আখৰা ৷
ৰঙালী বিহুৰ মঞ্চত বিহু প্ৰদৰ্শনৰ বাবে সাজু হৈছে বিহুদলসমূহো ৷ ইতিমধ্যে বহু বিহুদলে সম্পূৰ্ণ কৰিছে আখৰা ৷ ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে লখিমপুৰৰ নাৰায়ণপুৰতো পূৰ্ণগতিত বিহুদলসমূহে অব্যাহত ৰাখিছে বিহুৰ আখৰা ৷
ইয়াৰ মাজতে এক ভাল খবৰ কঢ়িয়াই আনিছে শংকৰ-মাধৱ সত্ৰীয়া সংগীত বিদ্যালয়ে ৷ সংগীত বিদ্যালয়খনৰ উদ্যোগত গঠন কৰা হৈছে ৰাজ্যৰ তৃতীয়টো ছোৱালী বিহু দল ৷
শংকৰ-মাধৱ সত্ৰীয়া সংগীত বিদ্যালয় নামৰ নাৰায়ণপুৰৰ একমাত্ৰ ছোৱালী বিহু দলটোৱে ইতিমধ্যে সম্পূৰ্ণ কৰিছে আখৰা ৷
পুলক বৰাৰ পৰিচালনাত গঠন হোৱা ছোৱালী বিহুদলটোক প্ৰশিক্ষণ প্ৰদান কৰিছে ৰঞ্জিৎ ওজাৰ তত্বাৱধানত বিহুৱা গুণিন বৰুৱা, বিতুপন বৰা আৰু পাৰ্থ কলিতাই ৷
উল্লেখ্য যে, নাৰায়ণপুৰৰ জৰাবাৰীত গঠন হোৱা শংকৰ-মাধৱ সত্ৰীয়া সংগীত বিদ্যালয় ছোৱালী বিহুদল ৰাজ্যৰ তৃতীয়টো ছোৱালী বিহুদল ৷ ইয়াৰ পূৰ্বে শিৱসাগৰ আৰু লখিমপুৰৰ লালুকত গঠন হৈছিল ছোৱালী বিহুদল ৷
Published by: Subham Goswami
FIRST PUBLISHED : March 18, 2023, 21:46 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।