সমস্যাৰ অন্ত নাই সীমান্তৱৰ্তী অঞ্চলৰ ৰাইজৰ ৷ কেতিয়াবা যদি সীমা বিবাদৰ ফলত দেখা দিয়া সমস্যা, কেতিয়াবা বনৰীয়া হাতীৰ তাণ্ডৱ ৷
সীমাহীন সমস্যাৰ মাজত জীৱন সংগ্ৰাম চলাই থকা একাংশ সীমান্তৱৰ্তী অঞ্চলৰ লোক সন্মুখীন হৈ আহিছে অন্য এক সমস্যাৰ ৷ যি সমস্যাই ত্ৰাহি- মধুসূদন দেখুৱাই আহিছে এক বৃহৎ অঞ্চলৰ বাসিন্দাক ৷
সমস্যাটো দেখা দি আহিছে নাৰায়ণপুৰৰ অসম-অৰুণাচল সীমান্তৱৰ্তী অঞ্চলত ৷ অৰুণাচলী লোকৰ পোহনীয়া মেঠোনে বিস্তৰ ক্ষতিসাধন কৰি আহিছে নাৰায়ণপুৰ ৰাজহ চক্ৰ এলেকাৰ তৰাজুলি, শান্তিপুৰ, কেৰেকজুলি, বিষ্ণুপুৰ, গৰুবন্ধা আদি অঞ্চলত ৷
বিগত প্ৰায় ১০ বছৰে বৃহৎ অঞ্চলটোত অৰুণাচল প্ৰদেশৰ পৰা নামি অহা মেঠোনে অঞ্চলটোৰ ঘৰ-দুৱাৰ ভঙাৰ লগতে অনিষ্ট কৰি আহিছে বাৰীৰ তামোল, কলগছৰ লগতে শাক-পাচলি আৰু চাহ খেতিৰ ৷
সুযোগ পালেই মানুহলৈও চোঁচা লয় পাহাৰৰ পৰা নামি অহা জাক-জাক মেঠোনে । ফলত ভয় শংকাৰ মাজেৰে উজাগৰী নিশা কটাবলগীয়া হৈছে সীমান্তৱৰ্তী অঞ্চলটোৰ ৰাইজে । পিছে বিষয়টোৰ সন্দৰ্ভত বন বিভাগে লোৱা নাই কোনো পদক্ষেপ ৷
FIRST PUBLISHED : March 15, 2023, 23:55 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।