মুখ্যপৃষ্ঠা »খবৰ »শোণিতপুৰ »Biswanath News: দুপৰ নিশা জুৱাৰ আড্ডাৰ পৰা গ্ৰেপ্তাৰ ঠিকাদাৰসহ পাঁচজন

Biswanath News: দুপৰ নিশা জুৱাৰ আড্ডাৰ পৰা গ্ৰেপ্তাৰ ঠিকাদাৰসহ পাঁচজন

X
দুপৰ //

দুপৰ নিশা গ্ৰেপ্তাৰ জুৱাৰী 

বিশ্বনাথ চাৰিআলিত ধৃত জুৱাৰী ৷ আটক কৰা জুৱাৰীকেইটা ক্ৰমে জলসিঞ্চন বিভাগৰ ঠিকাদাৰ তিলক শৰ্মা, ব্যৱসায়ী চন্দন ওজা, ব্যৱসায়ী ব্ৰীজেশ গুপ্তা, মহৰী পিন্টু চাহানী আৰু অট' চালক মাইচান মাহাতো ৷ 

  • Share this:
বিশ্বনাথ, ১ এপ্ৰিল: বিশ্বনাথ চাৰিআলিৰ সূৰ্য্যপুৰত জুৱাৰীৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান ৷ শুক্ৰবাৰে নিশা জুৱা খেলি থাকোতে হাতেলোটে গ্ৰেপ্তাৰ পাঁচজনকৈ জুৱাৰী ৷ লগতে জব্দ কৰিলে ২৮৭০০ টকা, এখন XUV300 গাড়ী, দুখন মটৰচাইকেল আৰু পাঁচটা মোবাইল ফোন ৷

আটক কৰা জুৱাৰীকেইটা ক্ৰমে জলসিঞ্চন বিভাগৰ ঠিকাদাৰ তিলক শৰ্মা, ব্যৱসায়ী চন্দন ওজা, ব্যৱসায়ী ব্ৰীজেশ গুপ্তা, মহৰী পিন্টু চাহানী আৰু অট' চালক মাইচান মাহাতো ৷ মাইচান মাহাতোৰ ঘৰত চলি আছিল এই জুৱা খেল ৷

মাহাতোৱে ঘৰত জুৱাখেল চলাৰ বিনিময়ত লাভ কৰিছিল ধন ৷ ইতিমধ্যে বিশ্বনাথ চাৰিআলি আৰক্ষী থানাত ৩৯/২০২৩ নম্বৰৰ এটা গোচৰ ৰুজু কৰা হৈছে ৷ দীৰ্ঘদিন ধৰি চলি আছিল এই জুৱাখেল ৷ আৰক্ষীয়ে সমগ্ৰ ঘৰটো ঘেৰি কৰায়ত্ত কৰে জুৱাৰীকেইটাক ৷ আৰক্ষীৰ জুৱাখেল বিৰোধী ভুমিকাক এতিয়া শলাগ লৈছে সকলোৱে ৷

তোমাৰ চহৰৰ পৰা(Sonitpur)

শেহতীয়া বাতৰি