প্ৰতিগৰাকী অসমীয়াৰ গা এতিয়া সাতখন-আঠখন ৷ দুৱাৰডলিত ৰৈ আছেহি হেঁপাহৰ ৰঙালী ৷ ৰঙালীক আদৰিবলৈ ইতিমধ্যে কঁকালত টঙালী বান্ধিছে বিহুবলীয়া অসমীয়াই ৷ ক'ৰবাত যদি বিহুনৃত্য, ঢোল-পেঁপাৰ আখৰা; আন কৰ'বাত ব্যস্ত হৈ পৰিছে লোকবাদ্য নিৰ্মাতাসকল ৷
মুঠতে এতিয়া ব্যস্ততাৰ অন্ত নাই ৷ ৰাজ্যৰ অন্যান্য প্ৰান্তৰ দৰেই বিহপুৰীয়াতো বিহুলৈ বুলি প্ৰস্তুতি চলিছে দিনে নিশাই ৷ বিহুদলসমূহৰ লগতে লোকবাদ্য শিল্পী আৰু নিৰ্মাতাসকলো ব্যস্ত হৈ পৰা দেখা গৈছে ৷ সেইসকলৰ মাজৰে লোকবাদ্য শিল্পী দিগন্ত লাহন এতিয়া বাৰুকৈয়ে ব্যস্ত হৈ পৰিছে ঢোল , পেঁপা, বাঁহী, গগনা সুতুলি আদি নিৰ্মাণ কৰাত ৷
দিগন্ত লাহনে নিৰ্মাণ কৰা গগনা, কাকৈফণী, সুতুলি ক্ৰয় কৰিবলৈ যোৰহাট, ডিব্ৰুগড়, গুৱাহাটীৰ উপৰিও স্থানীয় লোকে ভিৰ কৰা পৰিলক্ষিত হৈছে ৷ বিগত দুটা দুশকৰো অধিক সময়ধৰি এইসমূহ লোকবাদ্য নিৰ্মাণ কৰি অহা দিগন্ত লাহনে এইবৰ্ষত এই পৰ্যন্ত লক্ষাধিক টকাৰ বাদ্য বিক্ৰী কৰা বুলি জানিবলৈ দিছে ৷
দুখজনকভাৱে আন বহু শিল্পীৰ দৰে দিগন্ত লাহনো এই পৰ্যন্ত চৰকাৰৰ চকুত নপৰিল ৷ লাভ নকৰিলে শিল্পী পেঞ্চন ৷ লোকবাদ্য তথা লোকসংস্কৃতিৰ সাধনা কৰা দিগন্ত লাহন তেনেদৰেই সুখী যদিও চৰকাৰীভাৱে অকণমান সহানুভূতি নেদেখুওৱাত আক্ষেপ প্ৰকাশ কৰিছে ৷
Published by: Subham Goswami
FIRST PUBLISHED : March 26, 2023, 16:45 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।